নেলুৰৰ সৈতে গান্ধীজীৰ সম্পৰ্ক - Bapu's-special-connection-with-Nellore
🎬 Watch Now: Feature Video
ব্ৰিটিছৰ শাসন বিৰোধী সংগ্ৰামত ভাৰতীয়সকলক একত্ৰিত কৰা গান্ধীজীৰ নেলুৰৰ সৈতে বিশেষ যোগাযোগ আছিল ৷ বাপুজীয়ে জীৱনকালত দুবাৰকৈ নেলুৰ জিলাৰ ইন্দুকুৰিপেট মণ্ডলৰ পল্লীপদু পৰিদৰ্শন কৰে ৷ পবিত্ৰ পিনাকিনী নদীৰ তীৰত বাপুৱে এখন আশ্ৰম প্ৰতিষ্ঠা কৰিছিল ৷ আশ্ৰমখন উদ্বোধন কৰা হৈছিল 1921 চনৰ 7 এপ্ৰিলত ৷ এই আশ্ৰম দ্বিতীয় সবৰমতি হিচাপে পৰিচিত আছিল ৷
পল্লীপদু স্বাধীনতা সংগ্ৰামৰ সময়ৰ কেন্দ্ৰবিন্দু স্বৰূপ আছিল ৷ হনুমন্থ ৰাও, চতুৰ্বেদুল কৃষ্ণাইয়া আৰু পল্লীপদুৰ বাসিন্দাসকলে এই আশ্ৰম নিৰ্মাণ কৰিছিল ৷ গান্ধীজীৰ ঘনিষ্ঠ সহযোগী ৰুষ্টমজীয়ে দহ হাজাৰ টকাৰ বৃহৎ ধনৰাশি দান কৰিছিল ৷ যাৰ বাবে আশ্ৰমৰ মূল ভৱনটি তেখেতৰ নামেৰে নামকৰণ কৰা হৈছিল ৷ গান্ধীবাদী আদৰ্শ আৰু নীতি সমূহ প্ৰচাৰৰ বাবে আশ্ৰমত গান্ধী জয়ন্তী শ্বহীদ দিৱসত গান্ধী দৰ্শনৰ পাঠদানৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ ৰেড ক্ৰচে এই আশ্ৰমখনত এটি বিশেষ সেৱা কেন্দ্ৰও স্থাপন কৰিছে ৷