thumbnail

By

Published : Jan 8, 2021, 9:45 PM IST

ETV Bharat / Videos

প্ৰৱল তুষাৰপাতৰ মাজত গৰ্ভৱৰ্তী মহিলাক 3.5 কিলোমিটাৰ কঢ়িয়ালে সেনাই

কাশ্মীৰত হৈ থকা প্ৰৱল তুষাৰপাতৰ ফলত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে অঞ্চলটোৰ সাধাৰণ জনতা ৷ বিশেষকৈ তুষাৰপাতৰ ফলত ওখ পাহাৰীয়া স্থানত বসবাস কৰা লোকসকলৰ স্বাভাৱিক জীৱন যাত্ৰাত বাধা জন্মিছে ৷ ইয়াৰ মাজতে সেনাৰ জোৱান সকলে এগৰাকী গৰ্ভৱৰ্তী মহিলাক 3.5 কিলোমিটাৰ আঠুলৈকে সোমাই পৰা বৰফৰ মাজত কঢ়িয়াই চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷ কাশ্মীৰৰ পাজলপ‘ৰাৰ পৰা দুনীয়াৰস্থিত হাস্পতাললৈ মহিলাগৰাকীক এনেদৰেই কঢ়িয়াই লৈ যায় সেনাৰ জোৱান সকলে ৷ এই ক্ষেত্ৰত স্থানীয় লোকেও সেনাক যথেষ্ট সহায় কৰে ৷ চিকিৎসালয়ত মহিলাগৰাকীক ভৰ্তি কৰোৱাৰ পাছতে মহিলাগৰাকীয়ে এটি পুত্ৰ সন্তানৰ জন্ম দিয়ে ৷ উল্লেখ্য যে,যিটো সময়ত মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যোৱাৰ বাবে সেনাৰ সহায় বিচৰা হৈছিল,সেই সময়ৰ 24 ঘণ্টা পূৰ্বৰে পৰা অঞ্চলটোত তুষাৰপাত হৈ আছিল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.