ডাষ্টবিনত খাদ্যৰ সন্ধান কৰি থকা ভালুকটো... - দেশব্যাপী চলি থকা লক্ ডাউন
🎬 Watch Now: Feature Video
ছত্তীশগড়ৰ এটা মন্দিৰৰ ডাষ্টবিনত খাদ্যৰ সন্ধান কৰি থকা এটা ভালুকৰ ভিডিঅ'ই ইণ্টাৰনেটত খলকনিৰ সৃষ্টি কৰিছে । সোমবাৰে 1 মিনিট 49 ছেকেণ্ডৰ এই ভিডিঅ'টো টুইটাৰযোগে শ্বেয়াৰ কৰে ভাৰতীয় বন সেৱা বিষয়া পাৰবীন কাছৱানে ।
এই ভালুককেইটা সেই খাদ্যৰ ওপৰত নিৰ্ভৰশীল, যিবোৰ খাদ্য সিহঁতক মন্দিৰলৈ অহা ভক্তসকলে প্ৰদান কৰে । কিন্তু দেশব্যাপী চলি থকা লক্ ডাউনৰ ফলত বৰ্তমান সকলো ধৰ্মীয় স্থান বন্ধ কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত, এইদৰে খাদ্যৰ সংকটত ভুগিবলগীয়া হৈছে এই ভালুক কেইটা ।
ভিডিঅ'টোত ভালুক কেইটাই মন্দিৰৰ ডাষ্টবিনত খাদ্যৰ সন্ধান কৰিছে, কিন্তু কোনো খাদ্য নাপাই ভালুক এটাই খঙতে মন্দিৰৰ ডাষ্টবিনটো দলিয়াই থকা দেখিবলৈ পোৱা গৈছে ।