thumbnail

Majuli By Election 2022: মাজুলীৰ ৰাজীৱ ভৱনত অপূৰ্ব ভট্টাচাৰ্যৰ সংবাদ মেল

By

Published : Feb 24, 2022, 4:01 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

মাজুলীত এতিয়া উপ-নিৰ্বাচনৰ গৰম বতাহ বলিছে ( Majuli By Election 2022) । উপ-নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই বিভিন্ন ৰাজনৈতিক দলৰ নেতাই ভীৰ কৰিছেহি মাজুলীত । শেহতীয়াকৈ বৃহস্পতিবাৰে মাজুলীৰ ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ নেতা অপূৰ্ব ভট্টাচাৰ্যই এখন সংবাদমেল সম্বোধন কৰে (Apurba Kumar Bhattacharjee press conference) ৷ সংবাদমেলত কংগ্ৰেছ নেতাগৰাকীয়ে কয়, আহি থকা উপ নিৰ্বাচন মাজুলীৰ স্বাভিমান ৰক্ষাৰ উপ নিৰ্বাচন ৷ মাজুলীৰ এইখন আসনৰ বাবে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বিজেপি বিৰোধী অসম জাতীয় পৰিষদক এৰি দিয়া হৈছে ( Apurba Kumar Bhattacharjee reacts on Majuli By Election)। উন্নয়নৰ কথা কোৱা চৰকাৰৰ দিনত হালধিবাৰী মাথাউৰিৰ কাষত যে প্ৰায় ১২,০০০ ভূমিপুত্ৰ পৰিয়ালে আজিও বসবাস কৰি আছে তেতিয়া ক'ত গ'ল জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰ ? এইদৰে প্ৰশ্ন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.