Youth jumps from Kaliabhomora bridge : কলিয়াভোমোৰাৰ নতুন দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে যুৱকে

By

Published : Feb 11, 2023, 10:56 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

তেজপুৰ, ১১ ফেব্ৰুৱাৰী : দেওবাৰে তেজপুৰৰ কলিয়াভোমোৰা নতুন দলঙত সংঘটিত হ’ল প্ৰথমটো অঘটন ৷ দলঙত গাড়ী ৰখাই ব্ৰহ্মপুত্ৰত জাপ দিলে এজন যুৱকে ৷ দেওবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত সংঘটিত হয় এই ঘটনাটো (Youth jumps from Kaliabhomora bridge)৷

দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিয়া যুৱকজনৰ ঘৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ জৰাবাৰীত বুলি জানিব পৰা গৈছে ৷ ঘটনাটো সংঘটিত হোৱাৰ লগে লগে তেজপুৰ সদৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় ৷ প্ৰায় ২৬ বছৰীয়া যুৱকজন নাৰায়ণপুৰৰ পৰা তেজপুৰলৈ গৈ থকা অৱস্থাতে ঘটনাটো সংঘটিত কৰে (Jumps into Brahmaputra) ৷ AS 07U 3534 নম্বৰৰ এখন ভাড়া গাড়ীৰে তেজপুৰ অভিমুখী অৱস্থাত কলিয়া ভোমোৰা নতুন দলঙৰ (Kaliabhomora new Bridge) ওপৰত সেৱা কৰো বুলি গাড়ী ৰখোৱাইছিল বুলি জানিবলৈ দিয়ে চালকগৰাকীয়ে ৷ গাড়ী ৰখোৱাৰ পাছতে ব্ৰহ্মপুত্ৰ নদীত তাৎক্ষণাত জাপ দিয়ে নিহাল কাকতি নামৰ ২৬ বছৰীয়া যুৱকজনে ৷

তেজপুৰ সদৰ আৰক্ষীৰ (Tezpur Sadar Thana) বিষয়া মিন্টু বড়োৱে জনোৱা মতে, যুৱকজনে ভাড়ালৈ লৈ যোৱা গাড়ীখনৰ চালকজনৰ নাম দ্বীপ বৰুৱা ৷ দ্বীপ বৰুৱাই তেওঁৰ মোমায়েকৰ গাড়ীখন লৈ ২০০০ টকাৰ বিনিময়ত আৰু এহেজাৰ টকাৰ তেল ভৰাই লোৱাৰ চুক্তিত নিহাল নিজৰ জেঠায়েকৰ ঘৰলৈ বুলি আহিছিল ৷ এই কথা জানিবলৈ দিয়ে চালক দ্বীপ বৰুৱাই ৷

ইতিমধ্যে তেজপুৰ সদৰ থানাৰ অন্তৰ্গত বাৰঘাট আৰক্ষীয়ে চালক যুৱকজনক তদন্তৰ বাবে আটক কৰিছে ৷  ইতিমধ্যে আৰক্ষীয়ে নদীত উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও এন্ধাৰ হোৱাৰ বাবে অভিযান সাময়িকভাৱে বন্ধ ৰাখিবলগীয়া হৈছে ৷

লগতে পঢ়ক: Ankur Surana Kidnapping Case: ঘটনাৰ মূল অভিযুক্ত প্ৰবাল কলিতাক ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.