Massive fire break out: গোলাপাৰাত পশুধনসহ মহিলা অগ্নিদগ্ধ, সংকটজনক অৱস্থাত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 8, 2023, 1:53 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

বঙাইগাঁও, 8 জানুৱাৰী: বঙাইগাঁও জিলাৰ গোলাপাৰাত মঙলবাৰে নিশা এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় (Massive fire break out ) ৷ গোলাপাৰা গাঁৱৰ আছিয়া খাতুন নামৰ আশা কৰ্মী এগৰাকীৰ বাসগৃহত নিশা এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হৈছে ৷ মহিলাগৰাকীৰ গোহালি ঘৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে (fire break out in Bongaigaon)।

আশাকৰ্মীগৰাকীয়ে প্ৰতিদিনৰ দৰেই নিশাৰ আহাৰ গ্ৰহণৰ অন্তত শুবলৈ গৈছিল ৷ তেওঁ শুই পৰাৰ পাছতেই গোহালিত আগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ আছিয়া খাতুন নামৰ মহিলাগৰাকী টোপনিত থকাৰ সময়তে গোহালিত প্ৰথমে জুইৰ সূত্ৰপাট হয় ৷ পৰৱৰ্তী সময়ত এই জুই বাগৰি মহিলাগৰাকীৰ বাসগৃহটোকো আঁৱৰি ধৰে আৰু ঘৰটো সম্পূৰ্ণৰূপে জ্বলি উঠে ৷ এই অগ্নিকাণ্ডত আছিয়া খাতুন নামৰ মহিলাগৰাকী শোৱাপাটীতে অগ্নিদদ্ধ হয় (Woman burnt in massive fire break ) ৷  

ইয়াৰোপৰি এই বিধ্বংসী অগ্নিকাণ্ডত বাসগৃহটোৰ লগতে গোহালিত থকা পশুধনো ভস্মীভূত হয় । ভস্মীভূত হোৱা পশুধনৰ ভিতৰত এটা ছাগলী সহ তিনিটা পহুধন জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুৰ মুখত পৰে ৷  এই অগ্নিকাণ্ডত মহিলাগৰাকীৰ প্ৰায় ৩ লাখ টকাৰ সম্পত্তি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে ৷  

এই অগ্নিকাণ্ডৰ ঘটনা দেখি স্থানীয় লোকে ততালিকে জুই নুমুৱাবলৈ চেষ্টা কৰে ৷ আনহাতে স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও গাওঁখনৰ পথৰ দুৰৱস্থাৰ কাৰণে অগ্নিনিৰ্বাপন বাহিনীৰ গাড়ী সোমাব নোৱাৰিলে ৷ অৱশেষত স্থানীয় লোকে বহু চেষ্টা কৰি কাষৰ পৰা মটৰেৰে পানী ওলিয়াই আৰু পুখুৰীৰ পৰা পানী কঢ়িয়াই মহিলাগৰাকীৰ ঘৰৰ লগা জুই নুমুৱাবলৈ সক্ষম হয় ৷ অৱশ্যে জুই নুমুওৱাৰ সময়ত কেইবাগৰাকীও লোক কম বেছি পৰিমানে আহত হোৱা বুলিও জানিব পৰা গৈছে ৷  

ইয়াৰে মাজতে স্থানীয় লোকে শৰীৰৰ অৰ্ধাংশ জ্বলি যোৱা অৱস্থাত মহিলগৰাকীক উদ্ধাৰ কৰি এখন ই ৰিক্সাৰে কলগাছিয়া অসামৰিক চিকিৎসালয়ত কৰালেগৈ ভৰ্তি ৷ দুৰ্ভগীয়া মহিলাগৰাকী পেছাত এগৰাকী আশাকৰ্মী, স্বামীৰ মৃত্যুৰ পিচতে অকলে বাস কৰিছিল মহিলাগৰাকীয়ে ৷ মহিলাগৰাকীৰ এই বৃহৎ ক্ষতিৰ সময়ত সহায়ৰ হাত আগবঢ়োৱাৰ লগতে প্ৰশাসনক আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াবলৈ স্থানীয় লোকে অনুৰোধ জনাইছে ৷  

লগতে পঢ়ক: Illegal bulls seized in Basistha: বশিষ্ঠত উদ্ধাৰ ৩৫ টাকৈ ম'হ, আটক তিনি সৰবৰাহকাৰী

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.