Uncomplete bridge : আজিলৈ সম্পূৰ্ণ হোৱা নাই বঙাইগাঁৱৰ ৪১ কোটি টকীয়া দলং - Transportation problem in Bongaigaon
🎬 Watch Now: Feature Video
বিগত ১০ বছৰে নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ'ল বঙাইগাঁও জিলাৰ এখন গুৰুত্বপূৰ্ণ দলঙৰ (Uncomplete bridge in Bongaigaon)। প্ৰায় ৪১ কোটি ব্যয় সাপেক্ষে আই নদীৰ ওপৰত বৰঘোলা-কাহিবাৰী সংযোগী দলঙৰ কাম আজিলৈ সম্পূৰ্ণ নোহোৱাত হাৰাশাস্তি ভূগিছে অঞ্চলটোৰ ৰাইজে (Construction of bridge not completed in 10 years)। ফলস্বৰূপে বৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ লোকে নিতৌ মৰণত শৰণ দি আই নদীৰ ওপৰেৰে বিপদসংকুলভাৱে নাৱেৰে যাতায়ত অব্যাহত ৰাখিবলগীয়া হৈছে (Transportation problem in Bongaigaon)। নিৰ্মীয়মান দলঙখনৰ পূব ফালেদি আই নৈৰ নতুন সুঁতিৰ সৃষ্টি হোৱাত নৈৰ মাজ ভাগত দলংখন উন্মুক্ত হৈ আছে । দলঙখনৰ কাম সম্পূৰ্ণ কৰিবলৈ স্থানীয় ৰাইজে বাৰে বাৰে দাবী জনাইছে যদিও আজিলৈকে চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰিলে । ফলত বৃহত্তৰ অঞ্চলৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত চৰম দুর্ভোগ ভূগিবলগীয়া হৈছে । শীঘ্ৰেই দলঙখনৰ কাম সম্পূৰ্ণ কৰি বৃহত্তৰ অঞ্চলৰ ৰাইজক সুবিধা কৰি দিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে ।
Last Updated : Feb 3, 2023, 8:29 PM IST