Police operation against drunk and drive : হাতত মৰ্টন লৈ ৰাজপথত কি কৰিছে টিংখাং আৰক্ষীয়ে ? - Police checking ahead of new year
🎬 Watch Now: Feature Video

ৰাজ্যৰ চাৰিওফালে চলিছে নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি (New year preparation)। সমান্তৰালকৈ ৰাজপথৰ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবেও সষ্টম হৈছে অসম আৰক্ষী । ঠায়ে ঠায়ে তালাচী চকী স্থাপন কৰি যান-বাহন উলংঘনকাৰী চালকৰ বিৰুদ্ধে অভিযান চলাইছে আৰক্ষীয়ে (Police checking ahead of new year)। ইয়াৰ মাজতে ডিব্ৰুগড়ৰ টিংখাং আৰক্ষীৰ এক ব্যতিক্ৰমী পদক্ষেপ । যান-বাহন আইন মানি চলা প্ৰতিগৰাকী চালকক টিংখাং আৰক্ষীয়ে প্ৰদান কৰিছে একোটাকৈ মৰ্টন (Unique step of Tingkhnog Police)। লগতে ইংৰাজী নৱবৰ্ষৰো শুভেচ্ছা জনাইছে । বছৰৰ অন্তিমটো দিনত টিংখাং আৰক্ষীক এনে ব্যতিক্ৰমী ৰূপত দেখি আপ্লুত হৈছে যাত্ৰীসকল । সকলোৱে আৰক্ষীৰ এনে পদক্ষেপক আদৰণি জনাইছে । অৱশ্যে সুৰাপায়ী চালক আৰু যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাও দেখা গৈছে আৰক্ষীক । আৰক্ষীয়ে সকলোকে সুৰা অবিহনে নৱবৰ্ষ উদযাপন কৰাৰ লগতে সুৰাপান কৰি গাড়ী নচলাবলৈও আহ্বান জনাইছে ।
Last Updated : Feb 3, 2023, 8:37 PM IST