thumbnail

By

Published : Oct 29, 2022, 4:42 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

ETV Bharat / Videos

Funeral of Neel Pawan Baruah: কেনভাছ উকা কৰি পঞ্চভূতত বিলীন হ’ল নীলপৱন বৰুৱা

ৰাজ্যিক মৰ্যাদাৰে শনিবাৰে নৱগ্ৰহ শ্মশানত নীলপৱন বৰুৱাৰ শেষকৃত্য সম্পন্ন কৰা হয় (Funeral of Neel Pawan Baruah) । নৱগ্ৰহত অসমৰ শিল্পী সমাজ, অনেক অনুৰাগীয়ে প্রিয় যশস্বী চিত্ৰশিল্পীগৰাকীক অশ্রুসিক্ত নয়নেৰে শেষ বিদায় জনায় (Last rites of Neel Pawan Baruah)। বৰুৱাৰ ভতিজাই প্ৰয়াত যশস্বী চিত্ৰশিল্পীগৰাকীৰ মুখাগ্নি কৰে । নৱগ্ৰহ শ্মশানত ৰাজ্যিক মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰা সময়ত ৰাজ্য চৰকাৰৰ হৈ সাংস্কৃতিক মন্ত্ৰী বিমল বড়া, কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, বিশিষ্ট চিন্তাবিদ হীৰেন গোহাঁই, কংগ্ৰেছৰ নেতা কমলাক্ষ্য দে’ পুৰাকায়স্থ আদি উপস্থিত থাকে । জিলা প্রশাসনে শেষকৃত্য অনুষ্ঠানৰ আয়োজন কৰে (Neel Pawan Baruah Funeral with state dignity)। বিয়লি প্রায় 2 বজাত নৱগ্ৰহ শ্মশানত চিতাৰ জুইত বিলীন হৈ যায় আজম্ম প্ৰেমিক তথা চিত্ৰশিল্পীগৰাকী । অসমৰ শিল্প, সাহিত্য জগতৰ প্ৰায় সংখ্যক শিল্পী, তাৰকা, কৰ্মী, সমাজৰ বিভিন্ন শ্রেণীৰ লোকে বৰেণ্য চিত্ৰ শিল্পীগৰাকীৰ মহাপ্রস্থানৰ সময়ছোৱাত নৱগ্ৰহত উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.