thumbnail

By

Published : Jan 13, 2023, 6:11 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Traditional fish hunting in Morigaon: বুকুত মেঠনি মাৰি জাকৈ-খালৈ লৈ মৎস্য চিকাৰত নামিল আঙুৰলতা

আহু চাবা গধূলি, শালি চাবা পুৱা

জাকৈ বাওঁতে ছোৱালী চাবা কোন কেনেকুৱা

মৰিগাঁৱত জাকৈয়া ছোৱালীৰ ৰূপত শুকুৰবাৰে দেখা গ’ল ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাক । মাঘবিহু উপলক্ষে বুকুত মেঠনি মাৰি জাকৈ-খালৈ লৈ মৰিগাঁও জাগীৰোডৰ সৰু মনহা বিলত মৎস্য চিকাৰত নামিল আঙুৰলতা(Bhogali bihu feasting at Saru Manaha beel) ।

দলীয় কৰ্মীসকলক লগত লৈ নাচি বাগি মৎস্য চিকাৰত ব্যস্ত দেখা গ’ল বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাক(Angurlata Deka fished in the small Manha Beel) ৷ চহা অসমীয়াৰ সমূহীয়া মৎস চিকাৰ পৰম্পৰাক উজ্জীৱিত কৰি ৰখাৰ লক্ষ্যৰে এনেদৰে মৰিগাঁও জাগীৰোড সমষ্টিৰ সৰুমনহা বিলত চমক সৃষ্টি ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ ।

মাঘবিহুৰ উৰুকাৰ আগদিনা বিজেপিৰ মহিলা মৰ্চাৰ অসম প্ৰদেশৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত বিজেপি মহিলা মৰ্চাই ৰাইজৰ লগত জাগীৰোডৰ সৰু মনহা বিলত গীত মাত উল্লাসৰ মাজেৰে জাকৈ-খালৈ লৈ মাৰিলে মাছ ৷ তেওঁ সাংবাদিকৰ আগত কয়, সৰু সৰু মাছ পাইছো । অপেক্ষা মাথো ডাঙৰ মাছলৈ ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.