Sensational murder case: ভাড়া গাড়ীৰ চালকক হত্যা কৰি গাড়ী লৈ পলায়ন দুৰ্বৃত্তৰ
ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত চেপন কলেজৰ সমীপত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰা হয় (Murder case at Moran)৷ জানিব পৰা অনুসৰি মৃত ব্যক্তিজন অৰুণাচলৰ দেউমাৰিৰ ৰাজেশ শ্বাহ বুলি জানিব পৰা গৈছে (Rajesh Shah mysterious death)৷ গাড়ীৰ ভাড়া মাৰিবলৈ মৰাণলৈ আহিছিল লোকজন ৷ তিনিজন ব্যক্তিয়ে গাড়ী ভাড়া কৰি মৰাণলৈ আনিছিল লোকজনক ৷ এল্ট’ K10 AS23W3714 নম্বৰৰ এখন গাড়ী লৈ শনিবাৰে ৰাজেশে মৰাণ আহি পোৱাৰ পাছতেই সন্ধানহীন হয়(one man missing)৷ কোনো দুৰ্বৃত্তই ৰাজেশক হত্যা কৰি গাড়ীখন দুৰ্বৃত্তই লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ইফালে ৰাজেশ শ্বাহৰ মুখমণ্ডলত আঘাতৰ চিন স্পষ্ট ৰূপত পাইছে আৰক্ষীয়ে ৷ মৰাণত এটা মৃতদেহ এনেদৰে উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
Last Updated : Feb 3, 2023, 8:36 PM IST