Sensational murder in Golaghat: মৃতদেহ লৈ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰাইজৰ প্ৰতিবাদ

By

Published : May 20, 2022, 6:24 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

দিব্যজ্যোতি দাসৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ গোলাঘাট জিলা (Golaghat murder case)। দিব্যজ্যোতিৰ হত্যাকাৰী নাজিদুৰক ফাঁচী দিয়াৰ দাবীত ৰাজপথলৈ ওলাই আহিছে বিভিন্ন সংগঠন । প্ৰতিবাদত কঁপি উঠিল গোলাঘাট চহৰ (Sensation over dibyajyoti das murder case) । দিব্যজ্যোতিৰ মৃতদেহ লৈ গোলাঘাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ স্থানীয় লোকে । উল্লেখ্য যে, গোলাঘাট জিলাৰ আঠখেলীয়াৰ বেবেজিয়াত বৃহস্পতিবাৰে নিশা এটা লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈ যায় (Sensational murder in Golaghat)। অভিযোগ অনুসৰি, নাজিদুৰ ৰহমানৰ দাৰ ঘাপত নিহত হৈছে দিব্যজ্যোতি দাস নামৰ লোকজন । লগতে গুৰুতৰভাৱে আহত হয় দিব্যজ্যোতি দাসৰ পত্নী-পুত্ৰ ৷ হত্যাকাণ্ডক কেন্দ্ৰ কৰি পুৱাৰে পৰা অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰে (Tense situation in Golaghat)। আনকি উত্তেজিত ৰাইজে অভিযুক্ত নাজিদুৰ ৰহমানৰ এখন ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম আৰু বাসগৃহত অগ্নিসংযোগ কৰে ৷

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.