AASU Swahid Divas at Sonari : অসম আন্দোলনৰ সময়তকৈ অসমৰ আজিৰ পৰিৱেশ বেছি ভয়ানক: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

By

Published : Dec 10, 2022, 10:52 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ ভাগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু সোণাৰি আঞ্চলিক ছাত্ৰ সন্থা তথা চৰাইদেউ জিলাবাসীৰ সহযোগত আজি অনুষ্ঠিত হয় কেন্দ্ৰীয় শ্বহীদ দিৱস (Central Swahid Divas at Sonari)। কেন্দ্ৰীয় শ্বহীদ দিৱসত পতাকা উত্তোলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই, শ্বহীদ তৰ্পণ কৰে কেন্দ্ৰীয় সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ আনহাতে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই (AASU chief advisor Samujjal Bhattacharya)। তাৰ পাছতে ৮৬০ জন শ্বহীদক চৰাইদেউ জিলাৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান- প্ৰতিষ্ঠান, ব্যক্তি বিশেষে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.