Road accident in Mangaldoi: মঙলদৈত পৃথকে পৃথকে হোৱা দুটাকৈ দুৰ্ঘটনাত নিহত তিনিজন

By

Published : Feb 4, 2023, 2:13 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

thumbnail

দৰং, 4 ফেব্ৰুৱাৰী: মঙলদৈত সংঘটিত হৈছে এক শিহৰণকাৰী পথ দুৰ্ঘটনা (Accident in Mangaldoi) ৷ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন লোক (Man killed in a road accident in Mangaldoi) ৷ নিহত লোকজন মঙলদৈৰ লাৱণী চকৰ গেৰিমাৰী গাঁৱৰ বিপুল ডেকা (৪০) বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে মঙলদৈ চহৰৰ মাজমজিয়াৰে পাৰ হৈ যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়া মৃত্যুদূতত পৰিণত হৈছে । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, এই ঘাইপথটোত প্ৰায়ে সংঘটিত হৈ থাকে এনেধৰণৰ বহু সৰু-বৰ পথ দুৰ্ঘটনা ৷ সেয়েহে দৰং জিলাৰ প্ৰশাসন আৰু সাংসদ দিলীপ শইকীয়াক (MP Dilip Saikia) সংবাদ মাধ্যমৰ জড়িয়তে দৃষ্টিগোচৰ কৰি অতি শীঘ্ৰেই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেন যুক্ত কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: Heated situation in Nagaon Civil Hospital: ৰাজপথত সন্তান প্ৰসৱক লৈ নগাঁও চিভিলত উত্তপ্ত পৰিস্থিতি

আজি অৰ্থাৎ শনিবাৰে পুৱা ৮-৩০ বজাত এখন তীব্ৰবেগী ড্ৰাম্পাৰে মহতিয়াই নিছিল গেৰিমাৰী গাঁৱৰ বিপুল ডেকা নামৰ লোকজনক ৷ ইফালে শুকুৰবাৰে নিশা মঙলদৈৰ সমীপৰ চমুৱাপাৰা বেলিৰ চকত সংঘটিত হয় আন এটা শোকাৱহ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত নিহত হৈছিল দুজনকৈ বাইক আৰোহী (Bike Accident in Mangaldoi) । দুৰ্ঘটনাটোত নিহত হোৱা বাইক আৰোহী দুজন কবিৰালীৰ ডেভিড বড়ো আৰু খাচ ৰনথলিৰ ৰিংকু বড়ো বুলি জানিব পৰা গৈছে ।

যিহেতু দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত সেই স্থানত কোনো লোক উপস্থিত নাছিল, সেয়াহে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বাইকেৰে গৈ থকা অৱস্থাত কোনো গধুৰ বাহনৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষৰ ফলতে আহত হৈ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে সেই স্থানত উপস্থিত স্থানীয় লোকে দুয়োকে সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়লত ভৰ্তি কৰাই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত দুয়োজন বাইক আৰোহীকে ৷ কিন্তু চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে (People killed in separate accidents) ।

লগতে পঢ়ক: Road accident at Talap: তালাপত দ্ৰুতবেগী বাইকৰ খুন্দাত থিতাতে নিহত 13 বছৰীয়া ছাত্ৰী

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.