অভিযোগ প্ৰমাণ হ’লে ৰেহাই নাপায় এছ আই জোনমণি ৰাভাই
🎬 Watch Now: Feature Video
অভিযোগ প্ৰমাণ হ’লে ৰেহাই নাপায় এছ আই জোনমণি ৰাভাই । ইতিমধ্যে নগাঁও সদৰ আৰক্ষী থানাৰ মহিলা শাখাৰ পৰা কলিয়াবৰলৈ বদলি কৰা এছ আই জোনমণি ৰাভাৰ এক গোচৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে প্ৰৱঞ্চক ৰানা পগাগক । এছ আই জোনমণি ৰাভাৰ হ’বলগীয়া স্বামী ৰাণা পগাগৰ বিৰুদ্ধে উত্থাপন হৈছিল ONGC ৰ ঠিকা দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন লোৱাৰ লগতে নিজকে ONGC ৰ বিষয়া বুলি পৰিচয় দি জোনমণি ৰাভাক বিয়া কৰোৱাৰ চেষ্টা কৰাৰ (Fraudulent target Sub Inspector Jonmani Rava)। শেহতীয়াকৈ মাজুলীৰ অজিত বৰা নামৰ এগৰাকী লোকে গড়মূৰ আৰক্ষী থানাত ৰাণা পগাগৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত উল্লেখ কৰিছে উৎকোচৰ লেনদেনত জোনমণি ৰাভা জড়িত থকাৰ কথা । লগতে ভাইৰেল হৈছে এটা অডিঅ ৰেকৰ্ডিং (Junmoni Rabha Viral audio)। বিষয়টোৰ সন্দৰ্ভত বুধবাৰে মন্তব্য কৰিছে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই । এছ আই জোনমণি ৰাভাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণ হ’লে জোনমণি ৰাভাই ৰেহাই নাপায় বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:23 PM IST