Mysterious murder at Teok: মোমায়েকক ঘপিয়াই পুতি থ’লে শৌচালয়ৰ গাঁতত
🎬 Watch Now: Feature Video
টীয়ক, 10 ফেব্ৰুৱাৰী : টীয়কত চাঞ্চল্যকৰ ঘটনা । টীয়কৰ কমলপুৰ চাহ বাগিচাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড । নৃশংস হত্যাকাণ্ডটিয়ে জোকাৰি গৈছে টীয়ক চহৰ ৷ চহৰখনৰ দোলাষৰীয়া চাহ বাগিচাত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ডটো (Brutal murder in Teok tea garden) । ভাগিনীয়েকৰ হাতত প্ৰাণ হেৰুৱালে মোমায়েকে ।
জানিব পৰা মতে বিগত সপ্তাহৰ দেওবাৰে সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো । টীয়কৰ লাহদৈগড় আৰক্ষী চকীৰ (Lahdoigarh out post) অন্তৰ্গত কমলপুৰ বাগানৰ তুৰি লাইনত সংঘটিত হৈছে এই ঘটনা । মদৰ ৰাগিত ভাগিন লক্ষণ তুৰি আৰু ভাগিন বোৱাৰী সুমিত্ৰা তুৰিয়ে তেওঁলোকৰ ঘৰৰ ভিতৰতে দাৰে ঘপিয়াই হত্যা কৰে মোমায়েক চাৱন চাওৰাক ।
ইপিনে হত্যাকাণ্ডটো সংঘটিত কৰাৰ পিচত মৃতদেহটো ঘৰৰ পাছফালে পুতি থৈছিল লক্ষণ তুৰি আৰু সুমিত্ৰা তুৰিয়ে । ঘৰৰ পিচফালৰ শৌচালয়ৰ গাঁতত ভাগিন লক্ষণ তুৰি আৰু ভাগিন বোৱাৰী সুমিত্ৰা তুৰিয়ে পুতি থয় মোমায়েকৰ মৃতদেহটো ৷ বৃহস্পতিবাৰ অৰ্থাৎ 9 ফেব্ৰুৱাৰীৰ নিশা হত্যাকাণ্ডটোৰ কথা ৰামেশ্বৰ তুৰি নামৰ পঞ্চায়ত সদস্যজনক নিজেই অৱগত কৰে লক্ষণ তুৰিয়ে (Mysterious murder at Teok tea garden) ।
ঘটনাটো সন্দৰ্ভত অৱগত হোৱাৰ পিচতে পঞ্চায়ত সদস্যগৰাকীয়ে স্থানীয় লাহদৈগড় আৰক্ষীক অৱগত কৰে আৰু পুৱতি নিশাই লাহদৈগড় আৰক্ষীয়ে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিচতে লাহদৈগড় আৰক্ষীয়ে অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত মৃতদেহ পুতি থোৱা স্থানত উপস্থিত হয় আৰু নিশাই দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো পুতি থোৱা স্থানৰ পৰা উদ্ধাৰ কৰে ।
আৰক্ষীয়ে ঘটনাত ব্যৱহৃত দা খনো ইতিমধ্যে জব্দ কৰিছে । বৰ্তমান লক্ষণ তুৰি আৰু সুমিত্ৰা তুৰি টীয়কৰ লাহদৈগড় আৰক্ষী চকীত আৰক্ষীৰ জিম্মাত আছে আৰু ঘটনা সন্দৰ্ভত দুই অভিযুক্তৰ সোধপোছ অব্যাহত ৰাখিছে লাহদৈগড় আৰক্ষীয়ে ৷ স্মৰ্তব্য যে, ৰাজ্যত ক্ৰমবৰ্ধমান এনে অপৰাধজনিত ঘটনাই শংকিত কৰি তুলিছে সচেতন মহলক ৷
লগতে পঢ়ক : Mobile Medical Bus Camp : গুৱাহাটীত আৰম্ভ হ’ল ভ্ৰাম্যমাণ চিকিৎসা বাছ সেৱা