Water ATM machine : টীয়কত খোৱাপানীৰ ATM উদ্বোধন সাংসদ তপন গগৈৰ

By

Published : Dec 31, 2022, 3:46 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail
শনিবাৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে (MP Tapan Kumar Gogoi) টীয়কত এটি বিশুদ্ধ খোৱাপানীৰ ATM মেচিন উদ্বোধন কৰে (Water ATM machine inaugurate at teok) । টীয়ক পৌৰসভাই প্ৰৱেশ কৰ ১৪-১৫ বৰ্ষৰ ৰাহি পুঁজিৰে টীয়কৰ মিধাঘাট তিনিআলিৰ সমীপত জ্যোতি বিদ্যাপীঠৰ চৌহদত এই মেচিনটো স্থাপন কৰে । অত্যাধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা উক্ত মেচিনত খুচুৰা দুটকা আৰু পাঁচ টকা ভৰালেই দুই লিটাৰৰ পৰা বিশ লিটাৰ পৰ্যন্ত বিশুদ্ধ খোৱাপানী এতিয়াৰে পৰা ৰাইজে লাভ কৰিব পাৰিব ৷ উক্ত বিশুদ্ধ খোৱাপানীৰ ATM মেচিনটো উদ্বোধনৰ সময়ত উপস্থিত থাকে টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈ, উপ-পৌৰপতি মাধৱী হাজৰিকা, জ্যোতিৰ্বিদ্যাৰ টীয়কৰ অধ্যক্ষ প্ৰশান্ত কুমাৰ দাস, সম্পাদক অশোক কুমাৰ বৰা, জ্যেষ্ঠ শিক্ষাবিদ ভাৰত ভূষণ বৰাকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি ৷
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.