Morigaon book Faire: আৰম্ভ হ’ল মৰিগাঁও গ্ৰন্থমেলা 2023 - DC Debasish Sarma

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 22, 2023, 9:18 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

দেওবাৰৰ পৰা সাৰথিৰ উদ্যোগত মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত মৰিগাঁও বিহুতলীত সাত দিনীয়াকৈ অনুষ্ঠিত হৈছে ষষ্ঠদশ গ্ৰন্থমেলা(Morigaon Book Fair begins)। বন্তি প্ৰজ্বলন কৰি গ্ৰন্থমেলাৰ শুভাৰম্ভ কৰে অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি ড৹ সূৰ্য কান্ত হাজৰিকাই(Surjya Kanta Hazarika) । ‘মৰিগাঁও গ্ৰন্থমেলা 2023’(Morigaon Book Fair 2023) উদ্বোধন কৰি সভাপতিগৰাকীয়ে কয়, ‘‘গ্ৰন্থমেলা হৈছে পাঠক আৰু গ্ৰন্থৰ মধুৰতম সংযোগ ক্ষেত্ৰ । য'ত একোগৰাকী লেখকৰ অমূল্য সৃষ্টিৰাজী সমাজৰ মাজলৈ প্ৰবাহিত হয় ।’’  

অসমত গ্ৰন্থমেলাৰ বাটকটীয়া চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে এইক্ষেত্ৰত লোৱা ভূমিকাৰ বিষয়েও তেখেতে নিজৰ ভাষণত উল্লেখ কৰাৰ লগতে বিশ্বৰ অগ্ৰণী ফ্ৰেংফুট গ্ৰন্থমেলাৰ পৰা বিশিষ্ট সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়া উদ্বুদ্ধ হোৱাৰ কথাও বৰ্ণনা কৰে । শেহতীয়াকৈ গ্ৰন্থমেলাই ৰাজ্যত এক উৎসৱমুখৰ সৃষ্টি কৰাৰ লগতে পাঠক সৃষ্টিটো মুখ্য ভূমিকা গ্ৰহণ কৰিছে বুলি কয় ।

মৰিগাঁও জিলাৰ সামাজিক ক্ষেত্ৰখনৰ উল্লেখযোগ্য সৰু-বৰ ঘটনাবোৰ, ইয়াৰ বুৰঞ্জী আৰু বিভিন্নজন বৰেণ্য ব্যক্তিৰ ইতিহাস আদি এনেকুৱা অনুষ্ঠানৰ জৰিয়তে গ্ৰন্থ আকাৰে প্ৰকাশ পালে অসমৰ জাতীয় জীৱনৰ বাবে এক উল্লেখযোগ্য সম্পদ হ’ব বুলিও অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি গৰাকীয়ে উল্লেখ কৰে ।  

মৰিগাঁও জিলা উপায়ুক্ত তথা গ্ৰন্থমেলা আয়োজক সমিতিৰ সভাপতি দেৱাশীষ শৰ্মাই(DC Debasish Sarma) সঞ্চালনা কৰা উদ্বোধনী সভাত আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস আৰু বিশিষ্ট শিক্ষাবিদ পুনাৰাম নাথে বক্তব্য ৰাখে । সম্পাদক খগেন মহন্তই উদ্দেশ্যে বাখ্যা কৰি 1998 চনতেই আৰম্ভ হোৱা মৰিগাঁও গ্ৰন্থমেলাৰ এক বৰ্ণিল ইতিহাস দাঙি ধৰে ।  

অনুষ্ঠানৰ আঁত ধৰে কাৰ্যকৰী সভাপতি ডাঃ নিলোৎপল কাকতিয়ে । উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে মৰিগাঁও জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী নিমিশা নাথে পৰিবেশন কৰা বৰগীতে সকলোকে মুগ্ধ কৰে । সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়া উন্মোচন কৰে অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাসে। এইবাৰৰ গ্ৰন্থমেলাত অংশ গ্ৰহণ কৰিছে ৰাজ্যৰ কেইবাটাও সম্ভ্ৰান্ত গ্ৰন্থ প্ৰকাশন গোষ্ঠীয়ে ৷ 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.