বিজুলী ঢেৰেকনিত জ্বলিল গোহালি, পশুধনৰ মৃত্যু - দুজনী গাই গৰুৰ মৃত্যু
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16440761-thumbnail-3x2-kkk.jpg)
গহপুৰ কাউৰীপথাৰত নিশা অঘটন । গহপুৰ হেলেমৰ কাউৰীপথাৰত বুধবাৰে নিশা ভয়ংকৰ ঘটনা সংঘটিত হয় (Lightning struck the burn death livestock) ৷ নিশা প্ৰায় 10 মান বজাত বিজুলী ঢেৰেকনিত গোহালি জ্বলি যায় ৷ কাউৰীপথাৰৰ সাকোমাতাৰ নিবাসী তথা টকৌবাৰী গাঁও পঞ্চায়তৰ ২নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য টংকেশ্বৰ সৎনামীৰ ঘৰৰ গোহালিত জুই জ্বলি যোৱাৰ ফলত দুজনী গাই গৰুৰ মৃত্যু হয়। অৱশ্যে বৰষুণ হৈ থকাৰ ফলত আৰু অধিক ক্ষয় ক্ষতি নোহোৱাকৈ স্থানীয় ৰাইজে জুই নুমুৱাবলৈ সক্ষম হয়। দৰিদ্ৰ পৰিয়ালটোলৈ ক্ষতিপূৰণৰ আহ্বান জনাইছে স্থানীয় ৰাইজে ।
Last Updated : Feb 3, 2023, 8:28 PM IST