Leopard tranquilized at Umananda:অৱশেষত পিঞ্জৰাত বন্দী হ’ল উমানন্দত আতংকৰ সৃষ্টি কৰা বনৰজা - উমানন্দ মন্দিৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 20, 2022, 8:32 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

অৱশেষত দিনটোৰ শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অৱসান ঘটিল উমানন্দত ৷ মঙলবাৰে পুৱাৰে পৰা আতংকৰ সৃষ্টি কৰি আহিছিল এটা প্ৰকাণ্ড ঢেঁকীয়াপতীয়াই (Leopard at Umananda)৷ উমানন্দ মন্দিৰৰ(Umananda Temple) সমীপত ঢেঁকীয়াপতীয়া বাঘটোক প্ৰত্যক্ষ কৰাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হৈছিল আতংকৰ ৷ কুৰুৱাৰ দিশৰ পৰা ব্ৰহ্মপুত্ৰেৰে উটি আহিছিল বাঘটো ৷ ফলত বন্ধ কৰি দিয়া হৈছিল উমানন্দ মন্দিৰৰ চৌহদত থকা দোকান-পোহাৰ । নদীৰে আহি উমানন্দ পাহাৰত বাঘটোৱে অৱস্থান কৰাৰ পাছত দুগুণে বৃদ্ধি পাইছিল আতংকৰ ৷ শেষত দিনজোৰা প্ৰচেষ্টাৰ অন্তত বন বিভাগ আৰু অসম ৰাজ্যিক চিৰিয়াখানাৰ লোকে বাঘটোক বিয়লি প্ৰায় ৫ বজাত ট্ৰেংকুলাইজ কৰি চিৰিয়াখানালৈ(Assam state zoo) লৈ যাবলৈ সক্ষম হয় (Leopard tranquilized at Umananda)৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.