thumbnail

By

Published : Jan 26, 2023, 6:17 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / Videos

Leopard Attacks: নাহৰফুটুকীৰ আক্ৰমণত এটি কিশোৰ আহত

আজি ৰাজ্যজুৰি গণৰাজ্য দিৱস আৰু সৰস্বতী পূজাৰ উখল মাখলৰ মাজতেই শিৱসাগৰ জিলাৰ আমগুৰিত সংঘটিত হয় এক ভয়ংকৰ ঘটনা  (Leopard Attacks at Amguri) ৷  আমগুৰি জিলাৰ হালোৱাটিং বন সংমণ্ডলৰ অধীনস্থ অভয়পুৰীয়া নৰা গাঁৱত বৃহস্পতিবাৰে উজ্জ্বল গগৈ (১০) নামৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ এজনক নাহৰফুটুকী বাঘ এটাই আক্ৰমণ কৰে (Leopard Attacks a minor boy) ৷  

কিশোৰজনে কোৱা অনুসৰি খুড়াকৰ লগত চাহ বাগিচালৈ যোৱাৰ সময়তে গাঁতত শুই থকা বাঘ এটাই অতৰ্কিতে আহি উজ্জ্বলক আক্ৰমণ কৰে ৷ লগে লগে কিশোৰটো ভীতিগ্ৰস্ত হৈ পৰে ৷ নাহৰফুটুকীটোৱে কিশোৰটোক ভৰি, হাতত আক্ৰমণ কৰাত খুড়াকে হুলস্থুল কৰে । স্থানীয় লোকে কিশোৰজনক উদ্ধাৰ কৰি আমগুৰি চিকিৎসালয়লৈ লৈ আহে (Injured minor boy hospitalized) ৷ লগে লগে খুড়াকে ছাত্ৰজনক  চিকিৎসাৰ বাবে ভৰ্তি কৰে ৷  

উল্লেখ্য যে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা নাহৰফুটুকীয়ে সন্ত্ৰাস চলাই গৰু-ছাগলী ভক্ষণ কৰি আহিছিল । বৃহস্পতিবাৰে নাহৰফুটুকীটোৱে হাবিত ছাগলী খাই থকা অৱস্থাতে কিশোৰটোক সন্মুখত দেখি আক্ৰমণ কৰে। স্থানীয় লোকে অঞ্চলটোত পিঞ্জৰাৰ ব্যৱস্থা কৰিবলৈ হালোৱাটিং বন সংমণ্ডলক আহ্বান জনাইছে ।

স্মৰ্তব্য যে ৰাজ্যৰ ভিন্নৰ প্ৰান্তত বাঘৰ সন্ত্ৰাস অব্যাহত হৈ আহিছে ৷ বিগত বৰ্ষত ডিব্ৰুগড় জিলাৰ খোৱাং চাহ বাগিচাত বাঘৰ আক্ৰমণত আহত হয় দুগৰাকী শ্ৰমিক (Leopard attack in Dibrugarh)। মহিলা দুগৰাকীৰ নাম আচিৰিতা কুজুৰ (২৬) আৰু অনিতা তিৰ্কী (২৫)। আহত দুয়োগৰাকী শ্ৰমিককে বাগিচাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । খোৱাং বাগানৰ নাৰ্চাৰীত পাত তুলি থাকোতে এটা নাহৰফুটুকী বাঘে আক্ৰমণ কৰে দুয়োগৰাকীকে । উল্লেখ্য যে, খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত খোৱাং অঞ্চলত ইয়াৰ পূৰ্বেও বাঘৰ আক্ৰমণত বহু কেইগৰাকী লোক আহত হৈছিল ।

লগতে পঢ়ক: Leopard attack in Dibrugarh: বাঘৰ আক্ৰমণত আহত দুগৰাকী শ্ৰমিক

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.