Burmese Supari seized: কৰিমঞ্জত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ - বাৰ্মিজ কেঁচা চুপাৰী জব্দ
🎬 Watch Now: Feature Video

কৰিমগঞ্জ ৰেল জংচনত বুধবাৰে নিশা আৰক্ষীয়ে বুজন পৰিমাণৰ সন্দেহযুক্ত বাৰ্মিজ কেঁচা চুপাৰি জব্দ কৰিবলৈ সক্ষম হয়(Betel nut seized at karimganj rail station) । কৰিমগঞ্জ আৰক্ষীয়ে অভিযানৰ সময়ত প্ৰায় ১১০ বেগ সন্দেহযুক্ত বাৰ্মিজ কেঁচা চুপাৰি জব্দ কৰে(Karimgang Police seizes illegal Burmese supari) ৷ সৰবৰাহকাৰীকেইটাই আগৰতলা শিলচৰ যাত্ৰীবাহী ৰেলত(Agartala Silchar passenger train) ত্ৰিপুৰাৰ ধৰ্মনগৰৰ পৰা কৰিমগঞ্জ ৰেল ষ্টেচনলৈ চুপাৰিখিনি সৰবৰাহ কৰি অনাৰ সন্দেহ কৰা হৈছে । কিন্তু কৰিমগঞ্জ ৰেল ষ্টেচনৰ পৰা মেজিক গাড়ীৰে চুপাৰিখিনি আন ঠাইলৈ নিয়াৰ পৰিকল্পনা কৰাৰ সময়তে আৰক্ষী জব্দ কৰে চুপাৰিখিনি ৷ জানিব পৰা মতে চুপাৰিখিনি অনন্ত ঘোষৰ । সম্প্ৰতি চুপাৰিখিনি জব্দ কৰি ৰেল আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷
Last Updated : Feb 3, 2023, 8:29 PM IST