পাঞ্জাবাৰীত কাৰ্বি ফিল্ম ছোচাইটি আৰু আৰ্টিষ্ট ফ'ৰাম গঠন - Artist Forum formed in Guwahati

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 12, 2022, 10:44 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

কামৰূপ, মেঘালয় আৰু মৰিগাঁও জিলাত সিঁচৰিত হৈ থকা কাৰ্বি সম্প্রদায়ৰ কলা-সংস্কৃতিৰ সৈতে জড়িত লোকসকলক লগত লৈ দেওবাৰে 'কাৰ্বি ফিল্ম ছোচাইটি আৰু আৰ্টিষ্ট ফ’ৰাম' শীৰ্ষক এখন সমিতি গঠন কৰা হয়('Karbi Film Society and Artist Forum' formed) । মহানগৰীৰ পাঞ্জাৱাৰীস্থিত শংকৰদেৱ কলাক্ষেত্ৰৰ(Srimanta Sankaradeva Kalakshetra) নীলমণি ফুকন সভাকক্ষত কাৰ্বি উন্নয়ন পৰিষদৰ উদ্যোগত অনুষ্ঠিত সভাখনত এই সমিতিখন গঠন কৰা হয়(Karbi Development Council)। উল্লেখ্য যে, ২০২০ চনতে এই ফ'ৰামখন প্রতিষ্ঠা কৰা হয় যদিও ক'ৰণা মহামাৰীৰ লগতে বিভিন্ন অসুবিধাৰ বাবে সমিতিখন বিগত দুবছৰে গঠন কৰিব পৰা হোৱা নাছিল বুলি জানিবলৈ দিয়ে উদ্যেক্তাসকলে । দেওবাৰে দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত সভাখনত আগন্তুক পাঁচ বছৰৰ বাবে সুনিল কুমাৰ টেৰণক সভাপতি, নিলকান্ত ৰংহাঙক মুখ্য সম্পাদক ,নিতুৰাজ ৰংহাঙক সম্পাদক আৰু মনেশ্বৰ কাঠাৰক মুখ্য উপদেষ্টা হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয় । অনুষ্ঠানত কাৰ্বি উন্নয়ন পৰিষদৰ অধ্যক্ষ ৰঞ্জিত ৰংহাং, উপাধ্যক্ষ দিলীপ তাৰ' আৰু অন্যান্য সদস্যসকল উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.