অৰুণাচলত স্বাধীনতাৰ অমৃত মহোৎসৱ পালন ভাৰতীয় সেনাৰ - অৰুণাচলত ভাৰতীয় সেনাৰ স্বাধীনতাৰ অমৃত মহোৎসৱ পালন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 14, 2022, 2:09 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

স্বাধীনতাৰ অমৃত মহোৎসৱ পালনত ব্যস্ত দেশবাসী (Azadi Ka Amrit Mahotsav)। সমান্তৰালকৈ ঘৰে ঘৰে জাতীয় পতাকা কাৰ্যসূচীও ৰূপায়ণ কৰা হৈছে (Har Ghar Tiranga mission)। হাতে হাতে জাতীয় পতাকা লৈ ওলাই আহিছে বিভিন্নজন । প্ৰতিটো অঞ্চলতে দেখা গৈছে স্বাধীনতা দিৱসৰ প্ৰস্তুতি । দেশৰ সুৰক্ষাত নিয়োজিত ভাৰতীয় সেনা বাহিনীয়েও ঠায়ে ঠায়ে ব্যতিক্ৰমী কাৰ্যসূচী ৰূপায়ণ কৰিছে । স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সেনা বাহিনীয়ে স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে । ভাৰতীয় সেনাৰ শিবিৰবোৰত দেখা গৈছে বিশেষ তৎপৰতা । ইফালে অৰুণাচল প্ৰদেশৰ বালিমু নামৰ ঠাইত থকা ভাৰতীয় সেনাৰ শিৱিৰটো বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰিছে সেনা বাহিনীয়ে । যোৱা ১১ আগষ্টত মিছামাৰীস্থিত ভাৰতীয় সেনাবাহিনীৰ শিৱিৰৰ পৰা উলিওৱা চাইকেল ৰেলীৰ আনুষ্ঠানিক সামৰণি কাৰ্যসূচীও ৰূপায়ণ কৰা হয় অৰুণাচলৰ সেউজীয়া পাহাৰখণ্ডৰ মাজত থকা ভাৰতীয় সেনাৰ চাউনীত (Indian Army cycle rally before Independence Day)। এই বিশেষ অনুষ্ঠানত কেইবাটাও সাংস্কৃতিক দলে অৰুণাচলৰ পৰম্পৰাগত লোকনৃত্য প্ৰদৰ্শনৰ লগতে ভাৰতীয় সেনা বাহিনীৰ জোৱানে বিশেষ সমৰ কলা প্ৰদৰ্শন কৰে (Cultural program at Indian Army Camp in Arunachal Pradesh)। কেৱল এয়াই নহয় সীমান্ত অঞ্চলটোৰ কাষতে থকা ৰঙা চীনৰ কাণত পৰাকৈ সকলো একেলগে দেশমাতৃক লৈ শ্ল'গান দিলে । এই বিশেষ অনুষ্ঠানত ভাৰতীয় সেনাৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া উপস্থিত থকাৰ লগতে অৰুনাচলী ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.