জখলাবন্ধাৰ বিজুস্মিতা হোটেলৰ কৰ্মচাৰীক হত্যা

By

Published : Aug 24, 2022, 10:34 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail
নগাঁও জিলাৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা । জখলাবন্ধা চিকিৎসালয়ৰ সমীপত থকা এখন হোটেলৰ সন্মুখত উদ্ধাৰ এজন লোকৰ মৃতদেহ (Kaliabor deadbody recover)। মৃতদেহটো বিজুস্মিতা নামৰ হোটেলখনৰ এজন কৰ্মচাৰীৰ বুলি জানিব পৰা গৈছে । হোটেলৰ বাৰাণ্ডাতে তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ হৈছে কৰ্মচাৰীজনৰ মৃতদেহ । কৰ্মচাৰীজন পিটু দাস বুলি জানিব পৰা গৈছে । মৃতদেহটোত চোকা অস্ত্ৰৰ আঘাত স্পষ্ট । যাৰ বাবে নিশা কোনো লোকে চোকা অস্ত্ৰৰে লোকজনক হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোক তথা আৰক্ষীয়ে (Kaliabor murder case)। অৱশ্যে লোকজনক কোনে তেনেদৰে হোটেলৰ সন্মুখতে হত্যা কৰি থৈ গ'ল সেয়া ৰহস্যৰ আৱৰ্তত (Jakhalabandha hotel employee murder)। কিন্তু ৰহস্যজনকভাৱে নিশাৰে পৰা হোটেলখনৰ আন এগৰাকী কৰ্মচাৰীও নিৰুদ্দেশ হৈ আছে । নিৰুদ্দিষ্ট শংকৰ সৰকাৰ নামৰ কৰ্মচাৰীজনৰ ওপৰত এতিয়া সন্দেহ বিভিন্নজনৰ । জানিব পৰা মতে মৃত পিটু আৰু শংকৰৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল । লগতে দুয়োগৰাকীয়ে সুৰাপান কৰি থকা বুলিও সন্দেহ কৰিছে একাংশই । অৱশ্যে শংকৰৰ সন্ধান পালেহে ঘটনাৰ ৰহস্য পোহৰলৈ আহিব । আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । মহকুমাধিপতিৰ উপস্থিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.