Hojai flood alert : পুনৰ বানৰ আশংকাত ভুগিছে কপিলীপৰীয়া ৰাইজ - Flood effects Hojai

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 27, 2022, 1:59 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

পুনৰ বানৰ আশংকাত ভুগিছে হোজাইৰ কপিলীপৰীয়া ৰাইজ (Hojai residents worried about flood)। কেইবাদিনো ধৰি নেৰা-নেপেৰা বৰষুণৰ ফলত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ ৪ খনকৈ গেট খুলি দিয়াৰ ফলত কপিলী নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে । এক প্ৰকাৰ ওফন্দি উঠিছে কপিলী নদী (Water level rises in Kapili river)। যাৰ বাবে শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । বিশেষকৈ, হোজাই জিলাৰ লংকা আৰু হোজাই ৰাজহ চক্ৰৰ অন্তৰ্গত কপিলীপাৰ, ফৰমাপাৰ, অক্ৰান্ত', ঠাইচুবালি আদি নৈপৰীয়া অঞ্চলৰ ৰাইজ ভয়ত কঁপিছে । পুৱাৰে পৰা কপিলীৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাইছে । ইফালে চলিত বছৰত দুটাকৈ বানে জুৰুলা কৰি থৈ গৈছে নৈপৰীয়া ৰাইজক (Flood effects Hojai)। ঘৰ-বাৰীৰ লগতে কৃষিভূমি হেৰুৱাই সৰ্বস্বান্ত হৈছে হোজাইবাসী । তেনে সময়তে পুনৰ কপিলী নৈ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে চিন্তিত হৈ পৰিছে স্থানীয় লোকসকল । লগতে বান আৰু গৰখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবেও দাবী জনাইছে ৰাইজে ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.