Groom dies at Barpetaroad: যুগ্ম জীৱনৰ পাতনি মেলাৰ পূৰ্বেই উকা হ’ল কপাল
🎬 Watch Now: Feature Video
বৰপেটাৰোড, ২৮ জানুৱাৰী: বৰপেটাৰোড এক কৰুণ তথা মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ৷ বিবাহৰ পিছদিনাই দৰাৰ মৃত্যু ঘটাত বৰপেটাৰোডৰ লগতে সমগ্ৰ জিলাখনতেই শোকৰ ছাঁ পৰিছে ৷ দৰা ৰাম মজুমদাৰৰ বৃহস্পতিবাৰে সম্পন্ন হৈছিল বিবাহ আৰু দেওবাৰে নিজ ঘৰতেই আয়োজন কৰিছিল বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান ৷ কিন্তু নিষ্ঠুৰ নিয়তিয়ে বিয়াৰ এদিন পাছতেই দৰা ৰাম মজুমদাৰক লৈ গ’ল এক অজান দেশলৈ(Groom dies a day after marriage at Barpetaroad) ৷ এই ঘটনাক লৈ এতিয়া শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে বৰপেটাৰোডৰ খৈৰাবাৰীৰ চৰণ মজুমদাৰৰ ঘৰৰ লগতে বিজনীৰ বিষ্ণুপুৰৰ উলুবাৰীৰ কইনাৰ ঘৰত ৷
বৰপেটাৰোডৰ খৈৰাবাৰীত সংঘটিত হৈছে এই কৰুণ ঘটনা ৷ বিগত এমাহ পূৰ্বে খৈৰাবাৰীৰ চৰণ মজুমদাৰ পুত্ৰ ৰাম মজুমদাৰ বিজনীৰ বিষ্ণুপুৰৰ উলুবাৰী গাঁৱৰ চুমু মণ্ডলৰ সৈতে বিবাহৰ দিন ঠিক হৈছিল ৷ ইয়াৰ পাছত বৃহস্পতিবাৰে ৰাম মজুমদাৰ চুমু মণ্ডলৰ লগত বিবাহপাশত আবদ্ধ হয় ৷ কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস ৷ সুখৰ সংসাৰ আৰম্ভ কৰাৰ পূৰ্বে নিয়তিয়ে কাঢ়ি লৈ গ'ল দৰা ৰাম মজুমদাৰক । শ্বাস-প্ৰশ্বাসজনিত কাৰণত দৰা ৰাম মজুমদাৰৰ মৃত্যু হোৱা বুলি জানিব পৰা হৈছে(Groom dies at Barpetaroad) ৷
শুকুৰবাৰে নিশা শুই থকা অৱস্থাত দৰা ৰাম মজুমদাৰৰ উশাহ-নিশাহ লোৱাত কষ্ট হয় ৷ পৰিয়ালৰ লোকে তেওঁক লগে লগে স্থানীয় হাস্পতাললৈ লৈ যায় ৷ কিন্তু হাস্পতালত ভৰ্তি কৰোৱাৰ পিছতেই চিকিৎসকে তেওঁৰ পৰীক্ষা কৰি ইতিপূৰ্বে মৃত্যু হোৱা বুলি ঘোষণা কৰে । ইয়াৰ পাছতেই শোকাকুল পৰিবেশৰ সৃষ্টি হয় দৰাৰ ঘৰৰ লগতে কইনাৰ ঘৰত ৷
ৰাম মজুমদাৰৰ ঘৰত বিবাহ উপলক্ষে দেওবাৰে আয়োজন কৰা হৈছিল অভ্যৰ্থনা অনুষ্ঠানৰ ৷ অভ্যৰ্থনা অনুষ্ঠানৰ সকলো যা-যোগাৰো কৰিছিল পৰিয়ালটোৱে ৷ কিন্তু বিবাহৰ মাত্ৰ এদিন পাছতেই ৰামৰ মৃত্যু হোৱাত পৰিয়াল দুটাৰ মাজত এতিয়া শোকৰ বন্যা বৈছে ৷
লগতে পঢ়ক: Advocate Bijan Mahajan decourt: নিয়ম ভংগ কৰি ন্যায়ালয়ৰ পৰা বাহিৰ হ’ল জ্যেষ্ঠ অধিবক্তা বিজন মহাজন