thumbnail

By

Published : Dec 20, 2022, 11:04 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

ETV Bharat / Videos

National Children Science Congress : পচতীয়া পাতৰ ব্যৱহাৰেৰে পোক নিয়ন্ত্ৰণৰ প্ৰকল্পৰে ৰাষ্ট্ৰীয় পৰ্যায়লৈ ধেমাজিৰ নীহাৰিকা

হুমি পোঁক নিয়ন্ত্ৰণত ৰাসায়নিক দ্ৰব্যৰ পৰিৱৰ্তে পচতীয়া পাত ব্যৱহাৰ প্ৰকল্পৰে ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হ’ল ধেমাজিৰ নীহাৰিকা দত্ত ৷ বৰদলনি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী নীহাৰিকা দত্ত (Niharika Dutta Child scientist)৷ হুমি পোক নিয়ন্ত্ৰণ কৰা প্ৰকল্পটো জানুৱাৰীত আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত অসমৰ হৈ উপস্থাপন কৰিব নীহাৰিকাই৷ নীহাৰিকা দত্তৰ প্ৰকল্পৰ শিৰোনাম- ‘‘হুমি পোক নিয়ন্ত্ৰণত ৰাসায়নিক কীটনাশক দ্ৰব্যৰ সলনি থলুৱা প্ৰজাতিৰ উদ্ভিদ পচতীয়া পাতৰ ব্যৱহাৰ’’(Control insects using leaves)৷ উল্লেখ্য যে, বৰদলনি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ(Bordoloni High School Dhemaji) শিক্ষক ৰূপম অধিকাৰীৰ তত্বাৱধানত ছাত্ৰী নীহাৰিকা দত্তই 30 সংখ্যক ৰাজ্যিক পৰ্যায়ৰ শিশু বিজ্ঞান সমাৰোহত(National Children Science Congress Ahmedabad) অংশগ্ৰহণ কৰি নিম্ন শাখাত শ্ৰেষ্ঠস্থান পাবলৈ সক্ষম হৈছিল ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.