Assembly modeled on model United Nations: সাতগাঁৱৰ এছ এফ এছ স্কুলত মডেল ৰাষ্ট্ৰসংঘৰ আৰ্হিত Assembly - ভায়োলিন মেষ্ট্ৰো পণ্ডিত বিদ্যুৎ কুমাৰ মিশ্ৰ
🎬 Watch Now: Feature Video
মহানগৰীৰ সাতগাঁওস্থিত এছ এফ এছ স্কুলত ১০ নৱেম্বৰ অৰ্থাৎ আজিৰ পৰা ১২ নৱেম্বৰলৈ আৰম্ভ হৈছে মডেল ৰাষ্ট্ৰসংঘৰ আৰ্হিত এখন Assembly(Assembly modeled on model United Nations)। ছেইণ্ট ফ্ৰান্সিছ ডি চেলছ উচ্চতৰ মাধ্যমিক বিদ্যালয় (St. Francis de Sales' School) প্ৰাংগণত আয়োজন কৰা এই Assembly ত ৰাষ্ট্ৰসংঘৰ আভ্যন্তৰীণ কাৰ্যকলাপৰ বিষয়ে অধিক শিকিবলৈ বা কূটনীতি দক্ষতাৰ বিষয়ে যাতে ছাত্ৰ-ছাত্ৰীয়ে এক অনুশীলন কৰিব পাৰে তাৰ অভ্যাস কৰা হয় । উল্লেখ্য যে, এছ এফ এছ স্কুল, গুৱাহাটীয়ে ৰাজ্যত প্ৰথম বাৰৰ বাবে মডেল ৰাষ্ট্ৰসংঘৰ আৰ্হিত এই বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে । Assembly ত ৰাজ্যৰ প্ৰায় ৩০ খন বিদ্যালয়ৰ দুই শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে । অনুষ্ঠানত অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা কপিল বৰা, প্ৰখ্যাত ভায়োলিন মেষ্ট্ৰো পণ্ডিত বিদ্যুৎ কুমাৰ মিশ্ৰকে আদি কৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:31 PM IST