thumbnail

By

Published : Jan 29, 2023, 5:27 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / Videos

Asam Sahitya Sabha disputed land : নাৰায়ণপুৰ অধিৱেশনৰ প্ৰতিনিধি সভাত উত্থাপন হ'ব বিতৰ্কিত ভূমিৰ প্ৰসংগ

গুৱাহাটী, ২৯ জানুৱাৰী : অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ প্ৰতিনিধি সভাত উত্থাপিত হ'ব সাহিত্য সভাৰ চচলৰ বিতৰ্কিত ৫৫ বিঘা ভূমিৰ প্ৰসংগ (Asam Sahitya Sabha disputed land issue)। সেউজ প্ৰাধিকৰণৰ জলাশয় আইনৰ অধীনলৈ যোৱা ভূমিখিনি পুনৰ সাহিত্য সভাৰ নামত ঘূৰাই আনিবলৈ কি ধৰণৰ ব্যৱস্থা কৰা হ'ব তাক প্ৰতিনিধি সভাত আলোচনা কৰা হ'ব । এই মন্তব্য অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাৰ ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সেই ভূমি সাহিত্য সভাৰ হাতত নাই বুলি মন্তব্য কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম সাহিত্য সভাই । দেওবাৰে সম্পাদকগৰাকীয়ে কয় যে বৰ্তমানলৈ কোনো ধৰণৰ জাননী অসম সাহিত্য সভাই পোৱা নাই (Asam Sahitya Sabha reaction over disputed land)। ভূমিখিনি সেই সময়তে অসম সাহিত্য সভাক দিয়া হৈছিল বুলি প্ৰস্তাৱ আছে । পৰৱৰ্তী সময়ত কি ধৰণৰ ব্যৱস্থা লোৱা হ'ব সেয়া প্ৰতিনিধি সভাত আলোচনা কৰা হ'ব ।

উল্লেখ্য যে অসম সাহিত্য সভাৰ মহানগৰীৰ চচলৰ ৫৫ বিঘা ভূমি হেৰাই যোৱাৰ পথত । অভিযোগ অনুসৰি অসম সাহিত্য সভাৰ ড৹ ভূপেন হাজৰিকা সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ভূমি বেদখল কৰিছে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে (GMDA)। অবৈধভাৱে GMDAয়ে সাহিত্য সভাৰ ভূমি দখল কৰাৰ অভিযোগ সাহিত্য সভাৰ (Assam Sahitya Sabha land encroached by GMDA)।

১৯৯৩ চনত সেই সময়ৰ তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই অসম সাহিত্য সভা প্ৰকল্পৰ বাবে মহানগৰীৰ চচলত ৫৫ বিঘা ভূমি আৱণ্টন দিছিল । ২০১৪ চনত অসম সাহিত্য সভাই সেই ভূমিত ড৹ ভূপেন হাজৰিকা সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰাৰ বাবে চিন্তা চৰ্চা কৰিছিল । ৬২০ নং দাগত থকা ভূমিখিনিত অসম সাহিত্য সভাই দুটা কোঠাও নিৰ্মাণ কৰিছে । দীৰ্ঘদিন ধৰি অব্যৱহৃত হৈ আছিল সভাৰ দখলত থকা এই ভূমিখিনি (Asam Sahitya Sabha land in Chachal)।

এই ভূমিখিনি ২০১০ চনত সেউজ প্ৰাধিকৰণৰ জলাশয় আইনৰ অধীনলৈ গৈছিল । যাৰ বাবে ২০১৪ চনত অসম সাহিত্য সভাৰ অষ্টম বিশেষ বাৰ্ষিক অধিৱেশনৰ কিছু কাৰ্যসূচী চচলস্থিত ভূমিত অনুষ্ঠিত কৰাৰ কথা আছিল যদিও প্ৰশাসনে বাধাৰ সৃষ্টি কৰিছিল । শেহতীয়াভাৱে GMDAয়ে সেই ৫৫ বিঘা ভূমিত খনন কাৰ্য আৰম্ভ কৰিছে । GMDAয়ে সাহিত্য সভাৰ কোনো অনুমতি নোলোৱাকৈ সেই ভূমিখিনিত খনন কাৰ্য চলাইছে বুলিও অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক :Assam New DGP G P Singh : দায়িত্ব গ্ৰহণৰ পূৰ্বে আৰক্ষীলৈ বিশেষ অনুৰোধ ডিজিপি সিঙৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.