Corruption in construction: তিনি বছৰেও সম্পূৰ্ণ নহ’ল লাখ টকীয়া ইনড’ৰ ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্য - আমগুৰিৰ জনতা হাইস্কুল

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 4, 2022, 7:54 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

আমগুৰিত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ তিনি বছৰে সম্পূৰ্ণ নহ'ল এখন ২৫ লাখ টকীয়া ইনড'ৰ ষ্টেডিয়ামৰ নিৰ্মাণ (Corruption in construction of Indoor Stadium ) ৷ আমগুৰিৰ জনতা হাইস্কুলৰ ( Amguri Janata High School) খেলপথাৰত ইনড'ৰ ষ্টেডিয়ামখন নিৰ্মাণ কৰিবলৈ ২০১৮-১৯ বৰ্ষত সমষ্টিটোৰ বিধায়কৰ আছুতীয়া পুঁজিৰ প্ৰায় 25 লাখ টকা আৱণ্টন কৰা হৈছিল ৷ যদিও আজি তিনিবছৰ পৰ্যন্ত ইনড'ৰ ষ্টেডিয়ামখনৰ 50 শতাংশ কামো সম্পূৰ্ণ হৈ উঠা নাই ( Indoor Stadium not completed till 3 year) ৷ সম্প্ৰতি হাবি-জংঘলেৰে ভৰি পৰিছে ইনড'ৰ ষ্টেডিয়ামখন৷ এতিয়া এই বিষয় সন্দৰ্ভত সৰৱ হৈছে তিনিটাকৈ জাতীয় সংগঠন ৷ এই সংগঠনটোৰ বিষয়ববীয়াসকলে অনাগত দিনত অতি সোনকালে ইনড'ৰ ষ্টেডিয়ামখনৰ কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায় ৷ যি সময়ত ৰাজ্য চৰকাৰে উন্নয়ণমূলক কাম-কাজ ত্বৰান্বিত কৰিবলৈ বিভাগীয় বিষয়া, মন্ত্ৰী-বিধায়কক নিৰ্দেশ দিছে তেনে সময়তে আমগুৰি সমষ্টিত বিধায়কৰ আছুটীয়া পুঁজি ব্যৱহাৰত হেমাহি হোৱা আৰু ঠিকাদাৰে লেহেমীয়া গতিৰে নিৰ্মাণকাৰ্য চলোৱা বিষয়টোৱে সচেতন মহলক সম্প্ৰতি চিন্তিত কৰি তুলিছে ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.