AMFIRS 2021: হোজাইত মাইক্ৰফাইনেন্সৰ হিতাধিকাৰীক চেক বিতৰণ - Porimal Suklabaidya distributes cheques

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 29, 2022, 2:08 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাতো অসম চৰকাৰৰ বিত্ত বিভাগৰ দ্বিতীয় পৰ্যায়ৰ অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ (AMFIRS 2021) অধীনত হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰা হয় (Assam Micro Finance Incentive and relief Scheme) । হোজাই শংকৰদেৱৰ নগৰৰ কছাৰী মৈদানত জিলা প্ৰশাসনৰ উদ্যোগত আৰু অসম চৰকাৰৰ বিত্ত বিভাগৰ সহযোগত আয়োজিত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ দ্বিতীয় পৰ্যায়ৰ চেক প্ৰদান অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্য (Porimal Suklabaidya distributes cheques to beneficiaries) । হোজাই জিলাখনত দ্বিতীয় পৰ্যায়ত প্ৰায় ২,৫৬৯ গৰাকী মহিলা হিতাধিকাৰীক চেক প্ৰদান কৰা হয় । উক্ত চেক বিতৰণ অনুষ্ঠানত হোজাই আৰু লামডিং সমষ্টিৰ বিধায়ক ক্ৰমে ৰামকৃষ্ণ ঘোষ আৰু শিবু মিশ্ৰ, হোজাই জিলাৰ উপাযুক্ত, আৰক্ষী অধীক্ষক আৰু প্ৰশাসনৰ বহু বিষয়া উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.