ডেকাপামত ফেঁটী সাপে খুটিলে সপ্তম শ্ৰেণীৰ ছাত্ৰীক - বন কৰ্মচাৰী ৰবীন বসুমতাৰী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 7, 2022, 8:46 AM IST

Updated : Feb 3, 2023, 8:24 PM IST

ডেকাপামত এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক খুটিলে এডাল বিষাক্ত ফেঁটী সাপে (7th standard student Bitten by Cobra snake in jonai)৷ বুধবাৰে বিয়লি ৪-৩০ বজাত ডেকাপাম অৱমনলা গাঁৱৰ হেমন্ত শইকীয়াৰ কন্যা তথা ডেকাপাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী নিশিতা শইকীয়াই ঘৰৰ ভিতৰত প্ৰৱেশ কৰোতেই এটা ফেঁটী সাপ গছকত পৰে । তেনে অৱস্থাত সাপডালে নিশিতাৰ বাওঁ ভৰিত খোট মাৰি ঘৰৰ ভিতৰলৈ সুমাই যায় (Snake bites Nishitas left leg) । লগে লগে বিষ অনুভৱ কৰাত ডেকাপাম ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় নিশিতাক । প্ৰাথমিক চিকিৎসা কৰি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ ১০৮ বাহনেৰে লৈ যোৱা হয় । খবৰ পাই তেলাম খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ বন বিষয়া হেমচন্দ্ৰ পাঞাং, কৃঞ্চ গগৈ, বন কৰ্মচাৰী ৰবীন বসুমতাৰী, গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক তোলন সোনোৱাল ঘটনাস্থলীত উপস্থিত হৈ ঘৰৰ ভিতৰত সোমাই থকা ফেঁটী সাপটো উদ্ধাৰ কৰি জামজিং সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে ।
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.