নতুন সংগঠন জন্ম দিয়াৰ যো-জা চলাই গ্ৰেপ্তাৰ দুজন NLFB কেডাৰ - বাক্সাৰ মুছলপুৰত দুই NLFB সদস্য গ্ৰেপ্তাৰ
🎬 Watch Now: Feature Video

দীৰ্ঘদিন ধৰি বড়োভূমিত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই থকা দুই NLFB (National Liberation Front of Bodoland) কেডাৰক আজি গ্ৰেপ্তাৰ কৰে বাক্সা আৰক্ষীয়ে। প্ৰাপ্ত তথ্য অনুসৰি, দুয়োগৰাকী কেডাৰে আত্মসমৰ্পন কৰি ওদালগুৰিস্থিত সংগঠনটোৰ ডেজিগনেটেড শিবিৰত কিছুদিন আশ্ৰয় লৈ আছিল যদিও শেহতীয়াকৈ দুয়োগৰাকী সদস্যই সেইস্থানৰ পৰা ৰহস্যজনকভাৱে পলায়ন কৰে । ইফালে, আৰক্ষীয়ে দুয়োগৰাকী সদস্যই এক নতুন সংগঠন জন্ম দিয়াৰ পৰিকল্পনা চলোৱাৰ খবৰ লাভ কৰাৰ পৰিপ্ৰেক্ষিততে NLFB ৰ দুই সদস্য ক্ৰমে সমৰ ৰামচীয়াৰী (২৮) আৰু চন্দন ৰামচীয়াৰী(২১)ক তেওঁলোকৰ নিজ বাসগৃহ নতুন শ্ৰীপুৰ আৰু দ্বাৰাগাঁৱৰ পৰা আটক কৰে । আৰক্ষীয়ে দুয়োগৰাকী সদস্যকে ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।
Last Updated : Feb 3, 2023, 8:22 PM IST