Operation Ganga: ইউক্ৰেইনৰ পৰা ঘৰ আহি পালে মাণিকপুৰৰ ছাত্ৰ - Operation Ganga
🎬 Watch Now: Feature Video
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ সংঘৰ্ষই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । যুদ্ধৰ মাজতে ইউক্ৰেইনত আবদ্ধ ভাৰতীয়সকলক উদ্ধাৰৰ বাবেও কেন্দ্ৰীয় চৰকাৰে বিশেষ উদ্যোগ লৈছে । ইতিমধ্যে ভাৰত চৰকাৰৰ অপাৰেশ্যন গংগাৰ (Operation Ganga) অধীনত আবদ্ধ শিক্ষাৰ্থী লগতে ভাৰতীয় নাগৰিকসকলক উদ্ধাৰ কৰি থকা হৈছে । ইয়াৰ মাজতে অসমৰ কেইবাগৰাকী শিক্ষাৰ্থীও স্ব-ভূমিত আহি উপস্থিত হৈছে । বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৫ নং ভাণ্ডাৰাৰ মঞ্জুৰ আলম নামৰ ছাত্ৰজনো আহি ঘৰত উপস্থিত হয় (Manikpur student arrives home from Ukraine)। মঙলবাৰে নিশা ছাত্ৰজন আহি নিজ ঘৰত উপস্থিত হয় আলম । ইয়াৰ পাছতে ছাত্ৰজনৰ খবৰ ল'বলৈ বুধবাৰে তেওঁৰ ঘৰত উপস্থিত হয় বঙাইগাঁও জিলা অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজা আৰু মাণিকপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰিতীমনি দাস আৰু লাট মণ্ডল সুবাশ মেধী । বিষয়া কেইগৰাকীয়ে ছাত্ৰজনৰ পৰা ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে বিতং আলোচনা কৰে ।
Last Updated : Feb 3, 2023, 8:18 PM IST