Ganza seized in Karimganj : অসম ত্ৰিপুৰা সীমান্তত জব্দ 228 কেজি গাঞ্জা
🎬 Watch Now: Feature Video
কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সীমান্তত জব্দ (Ganza seized at Indo Tripura border) বুজন পৰিমাণৰ গাঞ্জা ৷ এখন গেছ টেংকাৰত অভিযান চলাই কৰিমগঞ্জৰ চূড়াইবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰে গাঞ্জাখিনি ৷ বাহনখনে গাঞ্জাখিনি ত্ৰিপুৰাৰ বিশালগৰৰ পৰা গুৱাহাটীলৈ নিয়াৰ কথা আছিল ৷ গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় 228 কেজি গাঞ্জা (Ganza seized in Karimganj) ৷ আৰক্ষীয়ে দলটোৱে ঘটনা সন্দৰ্ভত আটক কৰে বাহনখনৰ চালক গৌতম সাহা আৰু পৰিচালক ভজন সৰকাৰক ৷ জব্দ কৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় 25 লাখ টকা ৷ সম্প্ৰতি ধৃত দুয়োগৰাকী ব্যক্তিকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ মাত্ৰ 75 হেজাৰ টকাৰ বিনিময়ত গাঞ্জাখিনি কঢ়িয়াই আনিছিল টেংকাৰখনৰ দুই ব্যক্তিয়ে ৷
Last Updated : Feb 3, 2023, 8:19 PM IST