Diwali at Jonai:জোনাইৰ ললাদ মা কালী থানত পূজাৰ ৰূপালী জয়ন্তী - Kali Puja at Jonai
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16734701-191-16734701-1666610264708.jpg)
সোমবাৰে পুৱাৰে পৰা জোনাইৰ বিভিন্ন কালী মন্দিৰ আৰু থানসমূহত উখল-মাখল পৰিৱেশৰ মাজত পালন কৰা হৈছে কালী পূজা (Kali Puja at Jonai)। ইয়াৰে জোনাইৰ ললাদ গাঁৱত অৱস্থিত তথা ১৯৯৭ চনতে স্থাপন কৰা মা কালী থানত উদযাপন কৰিছে কালী পূজাৰ ৰূপালী জয়ন্তী বর্ষ (Silver Jubilee of Kali Puja at Jonai) । ৰূপালী জয়ন্তী বর্ষ উপলক্ষে বিভিন্ন খেল-ধেমালি, সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে । ৰূপালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ললাদ নামৰ এখন স্মৃতিগ্রন্থ উন্মোচন কৰা হয় । স্মৃতিগ্রন্থখন উন্মোচন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ কার্যবাহী সদস্য প্রশান্ত বৰিয়ে । ইপিন, আজি পুৱাৰে পৰা মা কালী থানত নিজৰ তথা পৰিয়ালৰ মংগল-কুশল কামনা কৰি ভিৰ কৰে অগণন ভক্তই । আনফালে, বিজয়পুৰ কালী মন্দিৰতো আশীষ বিচাৰি পুৱাৰে পৰা ভিৰ কৰিছেহি অগণন ভক্তই ।
Last Updated : Feb 3, 2023, 8:29 PM IST