Fortnight for Development: শনিবাৰে টিংখাঙলৈ মুখ্যমন্ত্ৰী - Fortnight for Development at Tingkhang

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 22, 2022, 4:50 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

অসমক‌ ভাৰতৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ শাৰীত উন্নীত ‌কৰাৰ অংশ স্বৰূপে "বিকাশৰ বাবে এটা পষেক" শীৰ্ষক এক অনুষ্ঠানত অহা ২৪ ডিচেম্বৰত টিংখাঙত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Fortnight for Development at Tingkhang) । টিংখাঙৰ কুঁৱৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয় (Kuwarigaon Higher Secondary School ) খেলপথাৰত অনুষ্ঠিতব্য় উক্ত কাৰ্যসূচীত মূখ্যমন্ত্ৰীৰ লগতে বহুকেইগৰাকী মন্ত্ৰী-বিধায়ক উপস্থিত থাকিব । মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ উদ্দেশ্যে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বিজেপি কৰ্মকৰ্তাসকলে । বৃহস্পতিবাৰে মন্ত্ৰী বিমল বড়া আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে বিদ্যালয়খনৰ খেলপথাৰত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয় । দুয়ো ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ আৰু উপায়ুক্ত বিশ্বজিত পেগুৰ সৈতে কাৰ্যসূচী সম্পৰ্কে পৰ্যালোচনা কৰে । উল্লেখ্য় যে "বিকাশৰ বাবে এটা পষেক"ৰ অধীনত ২৪ ডিচেম্বৰত টিংখাং আৰু নাহৰকটীয়া বিধানসভা সমষ্টিত উক্ত অনুষ্ঠানত ডিব্ৰুগড়ৰ ১০০০ কোটিটকীয়া প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.