Asom Bahumukhi Samabai Samiti: বাক্সাত জমা ধন ঘূৰাই বিচাৰি বিত্তীয় প্ৰতিষ্ঠানৰ সন্মুখত গ্ৰাহকৰ ধৰ্ণা - Customers sit in front of financial institutions
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17060981-120-17060981-1669704842932.jpg)
বাক্সা জিলাৰ সদৰ মুছলপুৰত সোমবাৰে জমা ধন ঘূৰাই বিচাৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে ক্ষুব্ধ গ্ৰাহকে (Public dharna for seeking return of deposits) ৷ অসম বহুমুখী সমবায় সমিতি পৰিসীমিত নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ মইমতালিত ক্ষুব্ধ হৈ গ্ৰাহক ৰাইজে ঘেৰাও কৰে ইয়াৰ কাৰ্যালয়টো (Asom Bahumukhi Samabai Samiti) ৷ উল্লেখ্য যে মুছলপুৰত স্থাপন কৰা অসম বহুমুখী সমবায় সমিতি নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৱে বিভিন্ন ঠাইত এজেন্ট নিয়োগ কৰি গ্ৰাহকৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল (Tense situation at Financial institutions in Baksha) ৷ পিছে গ্ৰাহকৰ জমা ধনৰ মেচিউৰিটি হোৱাৰ পিছতো বিত্তীয় প্ৰতিষ্ঠানটোৱে গ্ৰাহকৰ জমা ধন ঘূৰাই দিয়া নাই ৷ অভিযোগ অনুসৰি, বিত্তীয় প্ৰতিষ্ঠানটোৰ পৰিচালকে গ্ৰাহকসকলক দৈনিক চলাহি কথাৰে প্ৰৱঞ্চনা কৰি আহিছিল ৷ আনকি একোজন গ্ৰাহকক দুবছৰ পৰ্যন্ত জমা ধন মুকলি কৰি দিয়া নাই প্ৰতিষ্ঠানটোৱে ৷ যাৰ বাবে গ্ৰাহকসকলে বিত্তীয় প্ৰতিষ্ঠানটো ঘেৰাও কৰি জমা ধন বিচাৰি উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে ৷ জানিব পৰা মতে, বিত্তীয় প্ৰতিষ্ঠানটোৱে ডেৰ কোটিৰো অধিক ধন গ্ৰাহকক ঘূৰাই দিব লাগে ৷
Last Updated : Feb 3, 2023, 8:33 PM IST
TAGGED:
Public protest at Musalpu