Strom in Teok: নিশা অহা এজাক ধুমুহাই তচনচ কৰিলে টীয়কৰ বহুকেইটা অঞ্চল - ধুমুহাই তচনচ কৰিলে টীয়কৰ বহুকেইটা অঞ্চল
🎬 Watch Now: Feature Video
দেওবাৰে পুৱতি নিশা অহা এজাক ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিলে যোৰহাট জিলাৰ টীয়কৰ কাৱৈমাৰী অঞ্চলৰ লগতে দাঁতিকাষৰীয়া কেইবাটাও অঞ্চল (Storm devastated several areas of Teok overnight)। বিশেষকৈ কাৱৈমাৰী গোহাই গাঁৱৰ সত্যজিত দাস, লক্ষ্যেশ্বৰ দাসকে প্ৰমুখ্য কৰি বহুকেইটা পৰিয়ালৰ বাসগৃহ ধুমুহাত ভাঙি তচনচ হৈছে । এই পৰিয়ালকেইটাৰ কাপোৰ, আচবাবকে ধৰি বহু ঘৰুৱা সামগ্ৰী নষ্ট হৈছে । এজাক ধুমুহাত বিধস্ত পৰিয়ালকেইটাই এতিয়া হাত দিব লগা হৈছে মূৰে কপালে । প্ৰাকৃতিক দূৰ্যোগৰ বলি এই পৰিয়ালকেইটাই এতিয়া সহায় বিচাৰিছে চৰকাৰ তথা উৰ্ধতম কৰ্তৃপক্ষৰ ।অৱশ্যে স্থানীয় ৰাইজৰ সহযোগত ইতিমধ্যে গৃহসমূহ মেৰামতিৰ বাবে যো-জা চলোৱা হৈছে । ইপিনে,অঞ্চলটোৰ বহু ডাঙৰ গছ উভালি পৰাৰ ফলত পথসমূহত যাতায়তৰ ক্ষেত্ৰতো ৰাইজে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হোৱা পৰিলক্ষিত হয় ।
Last Updated : Feb 3, 2023, 8:26 PM IST