ETV Bharat / sukhibhava

World Head Injury Awareness Day: এইসমূহ মূৰৰ আঘাতে বিপদ মাতিব পাৰে আপোনাৰ জীৱনলৈ - বিশ্ব মূৰৰ আঘাত সজাগতা দিৱস

আজি বিশ্ব মূৰৰ আঘাত সজাগতা দিৱস (World Head Injury Awareness Day) ৷ কিছুমান সৰু সৰু মূৰৰ আঘাতক আওকাণ কৰিলে পৰবৰ্তী সময়ত সেই আঘাতসমূহে ডাঙৰ বিপদ মাতি আনিব পাৰে আপোনাৰ জীৱনত ৷ এই বিপদসমূহৰ পৰা কেনেকৈ নিজকে সুৰক্ষিত কৰিব পাৰি, জানক বিশ্ব মূৰৰ আঘাত সজাগতা দিৱসৰ এই দিনটোত ৷

World Head Injury Awareness Day 2023: Protect yourself from these head injuries
আজি বিশ্ব মূৰৰ আঘাত সজাগতা দিৱস
author img

By

Published : Mar 19, 2023, 3:45 PM IST

Updated : Mar 20, 2023, 6:22 AM IST

কেৱল বৃহৎ দুৰ্ঘটনা সংঘটিত হ’লেই নহয়, বহু সময়ত খেলা-ধূলা বা জপিয়াই বা আন কোনো কাৰণত মূৰত সামান্য আঘাতে পৰবৰ্তী সময়ত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে । সেয়েহে এই বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্য প্ৰতি বছৰে ২০ মাৰ্চত উদযাপন কৰা হয় "বিশ্ব মূৰৰ আঘাত সজাগতা দিৱস" ৷ ইয়াৰ মূলতঃ লক্ষ্য আৰু উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ মানুহক মূৰৰ আঘাতৰ ভয়াৱহতাৰ পৰা হাত সাৰিবলৈ ব্যৱস্থা আৰু সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা (World Head Injury Awareness Day) ৷

মূৰৰ আঘাতক অৱহেলা কৰিলে ইয়াৰ পৰণতি ভয়ংকৰ হ’ব পাৰে

দুৰ্ঘটনা বা যিকোনো কাৰণত মূৰ বা মগজুত আঘাত পালে, সেই আঘাতে অতি গুৰুতৰ প্ৰভাৱ পেলাব পাৰে আপোনাৰ জীৱনত ৷ গতিকে আঘাত গুৰুতৰ হওক বা স্বাভাৱিক হওক, সেইবোৰ কেতিয়াও আওকাণ কৰি নালাগে (Protect yourself from these head injuries) ৷

উল্লেখ্য প্ৰতি বছৰে ২০ মাৰ্চত অৰ্থাৎ আজিৰ দিনটোত “বিশ্ব মূৰৰ আঘাত দিৱস” হিচাপে সমগ্ৰ বিশ্বতে উদযাপন কৰা হয় ৷ ইয়াৰ উদ্দেশ্য হৈছে মূৰ বা মগজুত পোৱা আঘাতৰ ফলত সৃষ্টি হোৱা ভয়াৱহ বিপদ, ইয়াৰ ফলত ভুক্তভোগীৰ জীৱনত কি প্ৰভাৱ পৰিব পাৰে আৰু মূৰৰ আঘাত ৰোধ কৰিবলৈ ল’ব পৰা সাৱধানতাৰ বিষয়ে সজাগতা সৃষ্টি কৰা (World Head Injury Awareness Day 2023) ।

মূৰৰ আঘাত কিয় বিপদজনক ?

সমগ্ৰ বিশ্বৰ চিকিৎসকে কয় যে ক্ৰীড়া বা অন্যান্য শাৰীৰিক কাৰ্যকলাপৰ ফলত অথবা পথ বা আন দুৰ্ঘটনাত মূৰত আঘাত পোৱাটো ভুক্তভোগীৰ বাবে মাৰাত্মক হ’ব পাৰে । আনকি বহুবাৰ ইয়াৰ বাবে হয়তো ব্যক্তিগৰাকী গোটেই জীৱন অক্ষমতাৰ সন্মুখীন হ’ব পাৰে ৷ কেৱল ইমানেই নহয়, আনকি মৃত্যুও হ’ব পাৰে।

উল্লেখ্য যে, মূৰ বা মগজুৰ যিকোনো ধৰণৰ আঘাতক মূৰৰ আঘাত বুলি কোৱা হয় । মূৰৰ আঘাত সামান্য বস্তুৰ পৰা আৰম্ভ কৰি ক্ৰেনিয়াল ফ্ৰেক্টৰ, মগজুৰ অংশৰ ক্ষতি বা আঘাতৰ বাবে মূৰৰ ভিতৰত তেজ জমা হ’ব পাৰে । তাৎপৰ্যপূৰ্ণভাৱে এই ধৰণৰ আঘাতৰ বাবে বহু সময়ত ভুক্তভোগীৰ মগজুৰ স্নায়ু আৰু কলাবোৰৰ ক্ষতি হ’ব পাৰে, যাৰ ফলত ভুক্তভোগীৰ মগজুত গুৰুতৰ আঘাত পাব পাৰে । একে সময়তে এনে পৰিস্থিতিত ভুক্তভোগীগৰাকীৰ চকুত প্ৰভাৱ পৰিব পাৰে ৷

যাৰ ফলত কেতিয়াবা ভুক্তভোগীগৰাকীয়ে স্থায়ী বা সাময়িকভাৱে দৃষ্টিশক্তিও হেৰুৱাব পাৰে, মানসিক ভাৰসাম্য হেৰুৱাব পাৰে, শৰীৰৰ কোনো অংশ বিচ্ছিন্ন হ’ব পাৰে বা কাম কৰাৰ ক্ষমতা হেৰুৱাব পাৰে, কেতিয়াবা থিয় হৈ কথা ক’ব পৰা আৰু চিন্তা কৰাৰ ক্ষমতা হেৰুৱাব পাৰে ইয়াৰ প্ৰভাৱ পৰিব পাৰে আৰু ভুক্তভোগীগৰাকীৰ স্মৃতিশক্তিও দুৰ্বল বা নোহোৱা হৈ যাব পাৰে । ইয়াৰ উপৰিও কেতিয়াবা মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ বাবে ভুক্তভোগীগৰাকীৰ মৃত্যুও হ’ব পাৰে ।

মূৰত লাভ কৰা আঘাতৰ কাৰণসমূহ কি কি ?

সাধাৰণতে মূৰ বা মগজুৰ আঘাত দুবিধ । প্ৰথমটো হ’ল, খোঁজ কাঢ়োঁতে উজটি খোৱা বা আন কিবা বস্তুৰে মূৰত খুন্দা মৰাৰ ফলত সামান্য আঘাত লাভ কৰা, কিন্তু মূৰৰ ভিতৰত বা বাহিৰত কোনো ৰক্তক্ষৰণ নোহোৱা আৰু কোনো ঘাঁ নোহাৱা।

দ্বিতীয়টো হ’ল, মূৰৰ আভ্যন্তৰীণ আঘাত, মূৰৰ খুলিৰ হাড় ভাঙি ফাটি যোৱা, মগজুৰ আঘাত আৰু ক্ষতি আৰু দুৰ্ঘটনাৰ ফলত বা খেল-ধূলাৰ সময়ত আঘাত লাভ কৰা। যিবোৰক সাধাৰণতে হেমাট’মা, ৰক্তক্ষৰণ, কনকাচন, ইডিমা, মূৰৰ খুলি ভাঙি যোৱা আদি নামেৰে জনা যায় । এই আঘাতবোৰৰ পৰা সাধাৰণতে অতি গুৰুতৰ অৱস্থাৰ সৃষ্টি হ’ব পাৰে । এই আঘাতবোৰ হ’ব পাৰে ক্ৰীড়াৰ সময়ত সামান্য দুখ পোৱা,মটৰ আৰু বাহনৰ দুৰ্ঘটনৰ ফলতো হ’ব পাৰে ।

বিশ্ব মূৰৰ আঘাত সজাগতা দিৱসৰ তাৎপৰ্য

চৰকাৰী তথ্য অনুসৰি দেশত প্ৰতি বছৰে প্ৰায় ৮০ হাজাৰ লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হয় । যিটো বিশ্বজুৰি মৃত্যুৰ প্ৰায় ১৩ শতাংশ । একে সময়তে বিশ্বজুৰি প্ৰতি ৪ মিনিটৰ মূৰে মূৰে মূৰত আঘাত পোৱাৰ ফলত এজন লোকৰ মৃত্যু হয় । এই সংখ্যা ভাৰতত প্ৰতি ৭ মিনিটৰ মূৰে মূৰে এজনৰ মৃত্যু হয় । মন কৰিবলগীয়া যে সাধাৰণতে উজটি খাই পৰি যোৱা, কিবা বস্তুত খুন্দা মৰা আৰু মূৰত সামান্য আঘাত পোৱা এই সমূহ সমস্যাক সৰু সমস্যা বুলি ভাবি মানুহে আওকাণ কৰে ।

সাধাৰণতে মানুহে ভাবে যে মূৰ বা মগজুৰ সেই আঘাতবোৰেহে গুৰুতৰ প্ৰভাৱ পেলায় যিবোৰ কোনো ডাঙৰ দুৰ্ঘটনাৰ ফলত সংঘটিত হয় । কিন্তু এয়া সম্পূৰ্ণ ভুল ধাৰণা ৷ কেতিয়াবা মূৰৰ অতি সংবেদনশীল অংশত সামান্য আঘাত পালেও মূৰ আৰু মগজুৰ যথেষ্ট ক্ষতি হ’ব পাৰে । এনে পৰিস্থিতিত বিশ্ব মূৰৰ আঘাত সজাগতা দিৱসে মূৰৰ আঘাতৰ লগত জড়িত ভুল ধাৰণা আৰু ইয়াৰ লগত জড়িত তথ্যৰ বিষয়ে সাধাৰণ মানুহৰ মাজত সজাগতা সৃষ্টি প্ৰয়াস কৰে ৷

যাতে মূৰৰ কোনো আঘাতক আওকাণ নকৰি ৰোগীগৰাকীয়ে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে ৷ আনকি মূৰটো পৰীক্ষা কৰি প্ৰয়োজন হ’লে সময়মতে চিকিৎসা গ্ৰহণ কৰিব পাৰে, যাতে সমস্যাটো গুৰুতৰ হোৱাৰ পৰা বা ইয়াৰ পাৰ্শ্বক্ৰিয়াৰ পৰা বাচিব পাৰে ।

মূৰৰ আঘাতৰ পৰা কেনেকৈ হাত সাৰিব পাৰি

আমাৰ দৈনন্দিন জীৱনত বহুতো সাৱধানতা বা অভ্যাস আছে, যিবোৰ অৱলম্বন কৰিলে যিকোনো মূৰৰ সমস্যাৰ পৰা হাত সাৰিব পৰা যাব ৷ ইয়াৰে কিছুমান উপায়ৰ বিষয়ে তলত উল্লেখ কৰা হৈছে ৷

  • বাহন চলাওঁতে সদায় ছিটবেল্ট পিন্ধিব লাগে । যদি সৰু ল’ৰা-ছোৱালী বাহনত যাত্ৰা কৰি আছে, যিয়ে ছিটবেল্টৰ নিৰাপত্তা ল’ব নোৱাৰে তেন্তে বাহনত শিশুৰ সুৰক্ষাৰ আসন ব্যৱহাৰ কৰক ।
  • স্কুটি, মটৰ চাইকেল বা যিকোনো দুচকীয়া বাহন চলাওঁতে হেলমেট পৰিধান কৰক ।
  • যিকোনো বাহন চলাওঁতে পথ সুৰক্ষাৰ নিয়ম মানি চলিব আৰু দ্ৰুতগতিত বাহন নচলাব ৷
  • ঘৰত যদি বয়োজ্যেষ্ঠ থাকে, তেন্তে বাথৰুম আৰু চিৰিত পোহৰ পৰাকৈ লাইট ব্যৱহাৰ কৰাক, খোজ কাঢ়িলে প্ৰয়োজনৰ সময়ত ধৰিব পৰাকৈ কিবা এটা সহায়ৰ ব্যৱস্থা কৰক ।
  • মদ্যপান কৰি বা ড্ৰাগছ সেৱন কৰি কেতিয়াও বাহন চলাব নালাগে ।
  • ভূমিকম্প বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ দৰে জৰুৰীকালীন অৱস্থাৰ বাবে প্ৰয়োজনীয় সুৰক্ষা নিয়মৰ বিষয়ে সচেতন হওক আৰু প্ৰয়োজন হ’লে সেইবোৰ মানি চলিব লাগে ।
  • মূৰৰ আঘাত গুৰুতৰ হওক বা সামান্য, কেতিয়াও আওকাণ কৰিব নালাগে ৷ বিশেষকৈ সামান্য আঘাতৰ পিচতো যদি অজ্ঞানতা, বিভ্ৰান্তি বা দিশহাৰা হোৱা দেখা যায় তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

Last Updated : Mar 20, 2023, 6:22 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.