ETV Bharat / sukhibhava

বিশ্ব গৰ্ভনিৰোধ দিৱস 2020

প্ৰতি বছৰে 26 ছেপ্তেম্বৰৰ দিনা বিশ্ব গৰ্ভনিৰোধ দিৱসৰ আয়োজন কৰা হয় ৷ এই দিৱসৰ জৰিয়তে গৰ্ভনিৰোধ কৌশল আৰু প্ৰজনন স্বাস্থ্য সম্পৰ্কত পছন্দৰ কৌশল গ্ৰহণ কৰিবলৈ সহায় তথা পৰামৰ্শ আগবঢ়ায় ৷ ইয়াৰ জৰিয়তে পৰিয়াল পৰিকল্পনা, কম বয়সতে মহিলাৰ অনিচ্ছাকৃত গৰ্ভধাৰণ আদি সম্পৰ্কত জ্ঞান প্ৰদান কৰে ৷

26 ছেপ্তেম্বৰ
বিশ্ব গৰ্ভনিৰোধ দিৱস 2020
author img

By

Published : Sep 26, 2020, 2:19 PM IST

প্ৰতি বছৰে 26 ছেপ্তেম্বৰৰ দিনা বিশ্ব গৰ্ভনিৰোধ দিৱসৰ আয়োজন কৰা হয় ৷ এই দিৱসৰ জৰিয়তে গৰ্ভনিৰোধ কৌশল আৰু প্ৰজনন স্বাস্থ্য সম্পৰ্কত পছন্দৰ কৌশল গ্ৰহণ কৰিবলৈ সহায় তথা পৰামৰ্শ আগবঢ়ায় ৷ ইয়াৰ জৰিয়তে পৰিয়াল পৰিকল্পনা, কম বয়সতে মহিলাৰ অনিচ্ছাকৃত গৰ্ভধাৰণ আদি সম্পৰ্কত জ্ঞান প্ৰদান কৰে ৷

যৌন মিলনৰ জৰিয়তে পৃথিৱীত নতুন প্ৰাণৰ সঞ্চাৰ হয় ৷ কিন্তু, বহু সময়ত ইয়াৰ মুখ্য উদ্দেশ্য হৈছে যৌন বাসনা পূৰণ কৰা ৷ সেয়েহে, অনিচ্ছাকৃত গৰ্ভধাৰণ ৰোধ কৰিবৰ বাবে গৰ্ভনিৰোধ অতি প্ৰয়োজনীয় ৷ গৰ্ভনিৰোধকে যৌন জীৱনক প্ৰভাৱ নেপেলোৱাকৈ দুই আৰু অধিক গৰ্ভধাৰণৰ মাজত অন্তৰাল অনাত সহায় কৰে ৷ ইয়াৰ জৰিয়তে ভাৰতৰ দৰে জনসংখ্যা বহুল দেশত অত্যাধিক জনসংখ্যা বৃদ্ধি ৰোধত সহায় কৰিব ৷ জন্ম নিয়ন্ত্ৰকৰ বাবে বহু কৌশল আছে যেনে, ড্ৰাগছ, ডিভাইছ, যৌন অভ্যাস আৰু অস্ত্ৰোপচাৰ ৷

ই কেনেদৰে কাম কৰে ?

ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা (National Health Service) UK অনুসৰি, এজন পুৰুষৰ বীৰ্য এগৰাকী মহিলাৰ ডিম্বকোষত প্ৰৱেশ কৰিলে গৰ্ভধাৰণ হয় ৷ গৰ্ভনিৰোধকে গৰ্ভধাৰণত বাধা দিয়ে :

* ডিম্বকোষ আৰু বীৰ্যক পৃথকে ৰখা

* ডিম্বকোষ গঠনত বাধা দিয়া

* সংযুক্ত বীৰ্য আৰু ডিম্বাকোষক জৰায়ুৰ সৈতে মিলিত হোৱাত বাধা দিয়া

কৌশল সমূহ কি কি ?

ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ (CDC) অনুসৰি, গৰ্ভধাৰণ ৰোধৰ কিছু কৌশল :

* ইন্ট্ৰটাৰিন গৰ্ভনিৰোধ

1. Levonorgestrel intrauterine system (LNG IUD)- Copper T IUD ৰ দৰে এয়া এক সৰু T আকাৰৰ ডিভাইছ ৷ চিকিৎসকৰ জৰিয়তে এই ডিভাইছ জৰায়ুত প্ৰৱেশ কৰোৱা হয় ৷

2. Copper T intrauterine device (IUD)- T আকাৰৰে এয়া এক সৰু ডিভাইছ ৷ গৰ্ভধাৰণ ৰোধৰ বাবে চিকিৎসকে জৰায়ুত এই যন্ত্ৰ ৰাখে ৷

* হৰমন কৌশল :

1. প্ৰত্যাৰোপন : ইয়াৰ জৰিয়তে এডাল পাতল ৰড মহিলাৰ হাতৰ চালত স্থাপন কৰা হয় ৷ দেহৰ পৰা নিৰ্গত হোৱা প্ৰগেষ্টিন প্ৰায় 3 বছৰ ধৰি ৰাখিব পাৰে এই ৰডে ৷

2. ছিৰিঞ্জ অথবা “shot” : চিকিৎসকৰ জৰিয়তে মহিলাই প্ৰতি তিনি মাহৰ অন্তত নিতম্ব অথবা হাতত বেজী লয় ৷

3. কম্বাইনড অৰেল কন্ট্ৰাচেপটিভ : এই পিলে হৰমনৰ এষ্ট্ৰোজেন আৰু প্ৰগেষ্টিন ধৰি ৰাখে ৷ প্ৰতিদিনে একেটা সময়তে এই পিল ল'ব লাগে ৷

4. প্ৰগেষ্টিন অনলি পিল : ইয়াক মিনি পিল বুলিও জনা যায় ৷

5. পেটছ : পেটৰ তলৰ অংশ, নিতম্ব অথবা দেহৰ ওপৰৰ অংশত ইয়াক পৰিধান কৰা হয় ৷ চিকিৎসকৰ দ্বাৰা এই কৌশলৰ পৰামৰ্শ প্ৰদান কৰা হয় ৷ ই তেজত এষ্ট্ৰোজেন আৰু প্ৰগেষ্টিন এৰি দিয়ে ৷

6. হৰ্মনেল ভেজাইনেল কন্ট্ৰাচেপটিভ ৰিং : ই এষ্ট্ৰোজেন আৰু প্ৰগেষ্টিন এৰি দিয়ে ৷ ইয়াক যৌনাঙ্গৰ ভিতৰত স্থাপন কৰা হয় ৷

প্ৰতিবন্ধক কৌশল :

1. ডায়েফ্ৰাগাম আৰু চাৰ্ভিকেল কেপ : এয়া যৌনাঙ্গত স্থাপন কৰি বীৰ্যৰ প্ৰৱেশত বাধা দিয়া হয় ৷ ই কাপৰ আকাৰৰ ৷

2. স্পনজ : ইয়াক যৌনাঙ্গত স্থাপন কৰা হয় ৷ ই 24 ঘন্টা ধৰি কাম কৰে আৰু যৌন সম্পৰ্ক স্থাপনৰ 6 ঘন্টা পাচলৈকে ইয়াক যৌনাঙ্গত ৰখা উচিত ৷

3. মহিলাৰ কন্ডম : মহিলাই পৰিধান কৰা কন্ডমৰ জৰিয়তে বীৰ্য যৌনাঙ্গত প্ৰৱেশত বাধা দিয়া হয় ৷

4. স্পাৰ্মিচাইডছ : এই সামগ্ৰীসমূহে বীৰ্যক ধংস কৰাত সহায় কৰে ৷ ফেন, জেল, ক্ৰীম, ফিল্ম, টেবলেট আদি আকাৰত ইয়াক পোৱা যায় ৷ যৌন মিলনৰ প্ৰায় এঘন্টা পূৰ্বে ইয়াক দেহত স্থাপন কৰা হয় ৷

জৰুৰীকালিন গৰ্ভনিৰোধ :

* কপাৰ IUD : 5 দিনীয়া অসুৰক্ষিত যৌন সম্পৰ্কৰ ভিতৰত কপাৰ T IUD স্থাপন কৰা উচিত ৷

* জৰুৰীকালিন গৰ্ভনিৰোধক পিল : 5 দিনীয়া অসুৰক্ষিত যৌন সম্পৰ্কৰ ভিতৰত এই গৰ্ভনিৰোধক পিল গ্ৰহণ কৰা উচিত ৷ কিন্তু যিমান সোনকালে এই পিল গ্ৰহণ কৰা উচিত সিমানেই ইয়াৰ কাৰ্যক্ষমতা বৃদ্ধি পায় ৷

গৰ্ভ নিয়ন্ত্ৰণৰ স্থায়ী কৌশল :

* মহিলাৰ বন্ধ্যাকৰণ

* পুৰুষৰ বন্ধ্যাকৰণ

বহুসংখ্যক গৰ্ভনিৰোধৰ কৌশল থাকিলেও চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতিকৈ প্ৰয়োজনীয় ৷ বিশেষজ্ঞইহে সুখী আৰু স্বাস্থ্যকৰ যৌন জীৱনত সহায় আগবঢ়াব পাৰিব ৷ এই মহামাৰীৰ সময়তো পৰিয়াল পৰিকল্পনাত কোনো ব্যাঘাত নজন্মিবৰ বাবে বিভিন্ন গৰ্ভনিৰোধক ব্যৱহাৰ কৰিবৰ বাবে চিকিৎসা কৰ্তৃপক্ষই সহায় আগবঢ়াইছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.