ETV Bharat / sukhibhava

High Blood Sugar: খাদ্য খোৱাৰ লগে লগে কিয় তেজত বৃদ্ধি পায় চুগাৰৰ মাত্ৰা - Do not smoke

আমি খাদ্য খোৱাৰ লগে লগে আমাৰ শৰীৰত ব্লাড চুগাৰৰ মাত্ৰা বাঢ়িবলৈ আৰম্ভ কৰে । কাৰণ আমাৰ তেজত গ্লুক’জ নামৰ এটা সাধাৰণ চুগাৰ জমা হ’বলৈ আৰম্ভ কৰে । যিসকল লোক ডায়েবেটিছ ৰোগত আক্ৰান্ত, তেওঁলোকৰ শৰীৰত হঠাতে ব্লাড চুগাৰৰ মাত্ৰা বৃদ্ধি পায়, কাৰণ তেওঁলোকৰ শৰীৰে গ্লুক’জ সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম নহয় ।

Why the blood sugar level starts increasing immediately after eating food
খাদ্য খোৱাৰ লগে লগে কিয় তেজত বৃদ্ধি পায় চুগাৰৰ মাত্ৰা
author img

By

Published : Oct 14, 2022, 11:40 AM IST

আমি খাদ্য খোৱাৰ লগে লগে আমাৰ শৰীৰত ব্লাড চুগাৰৰ মাত্ৰা বাঢ়িবলৈ আৰম্ভ কৰে । কাৰণ আমাৰ তেজত গ্লুক’জ নামৰ এটা সাধাৰণ চুগাৰ জমা হ’বলৈ আৰম্ভ কৰে । যিসকল লোক ডায়েবেটিছ ৰোগত আক্ৰান্ত, তেওঁলোকৰ শৰীৰত হঠাতে ব্লাড চুগাৰৰ মাত্ৰা বৃদ্ধি পায়, কাৰণ তেওঁলোকৰ শৰীৰে গ্লুক’জ সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম নহয়(sugar level starts increasing immediately after eating food) ।

শৰীৰে কিছুমান বিশেষ খাদ্য হজম কৰি ব্লাড চুগাৰ তৈয়াৰ কৰে, যিবোৰে তেজত পৰিভ্ৰমণ কৰে । শক্তিৰ বাবে তেজৰ শৰ্কৰা ব্যৱহাৰ কৰা হয় । যদি শৰীৰক লগে লগে শক্তিৰ প্ৰয়োজন নহয়, তেন্তে সেই চুগাৰ পিছলৈ ব্যৱহাৰৰ বাবে কোষত জমা হৈ থাকে । কিন্তু বিশেষজ্ঞসকলৰ মতে তেজত অতিৰিক্ত চুগাৰ জমা হোৱাৰ ফলত ক্ষতিসাধন হ’ব পাৰে, যাৰ ফলত হৃদযন্ত্ৰ, বৃক্ক, চকু, ৰক্তবাহী নলী আদি বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে ।

হাইপাৰগ্লাইচেমিয়াৰ লক্ষণসমূহ সাধাৰণতে আৰম্ভ হয় যেতিয়া আপোনাৰ তেজৰ গ্লুক’জ প্ৰতি ডেচিলিটাৰত ২৫০ মিলিগ্ৰাম (মিলিগ্ৰাম/ডেচিলিটাৰ)ৰ ওপৰত বৃদ্ধি পায় । সময়মতে চিকিৎসা নকৰিলে এই লক্ষণবোৰ অতি গম্ভীৰ হ'বলৈ ধৰে(How to manage high blood sugar) ।

হাই ব্লাড চুগাৰৰ লক্ষণসমূহ কি কি ?(Symptoms of high blood sugar)

হাই ব্লাড চুগাৰৰ প্ৰাৰম্ভিক লক্ষণ অৰ্থাৎ হাইপাৰগ্লাইচেমিয়া চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ(Symptoms of high blood sugar) । আগতীয়াকৈ চিকিৎসা কৰিলে অংগ-প্ৰত্যংগৰ কোনোধৰণৰ ক্ষতি নহয় ।

  • অত্যধিক পিয়াঁহ
  • মুখ অত্যধিক শুকান হোৱা
  • সঘনাই প্ৰস্ৰাৱ কৰা
  • অস্পষ্ট দৃষ্টিশক্তি
  • সঘনাই মূৰৰ বিষ

ব্লাড চুগাৰ বেছি হ’লে কেনেকৈ মেনেজ কৰিব ?(How to manage high blood sugar)

চিকিৎসকৰ মতে, তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি হ’লে কিছুমান ক্ষেত্ৰত যত্ন লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰে:

সময়মতে ঔষধ সেৱন কৰক । তেজৰ শৰ্কৰাৰ মাত্ৰা বেছি হ’লে মেনেজ কৰাৰ আটাইতকৈ উত্তম উপায় হ’ল চিকিৎসকৰ নিৰ্দেশ অনুসৰি দৈনিক আৰু সময়মতে ঔষধ সেৱন কৰা । যদি আপোনাৰ তেজৰ চেনিৰ মাত্ৰা সঘনাই বৃদ্ধি পায়, তেন্তে এই বিষয়ে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক ।

দৈনিক ব্যায়াম(Daily Exercise): কেৱল ডায়েবেটিছ ৰোগীৰ বাবেই নহয়, সকলোৰে বাবে দৈনিক ব্যায়াম কৰাটো অতি প্ৰয়োজনীয় । ইয়াৰ ফলত তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহজ হ’ব ।

ভাল খাদ্য গ্ৰহণ কৰক(Eat a good diet): ফল-মূল আৰু শাক-পাচলিৰে সমৃদ্ধ সুষম খাদ্য গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ যাতে আপোনাৰ ভিটালছবোৰ ভাল অৱস্থাত থাকে ।

ধূমপান নকৰিব(Do not smoke): যদি আপুনি ডায়েবেটিছ ৰোগত আক্ৰান্ত, তেন্তে আপুনি একেবাৰেই ধূমপান নকৰিব ।

লগতে পঢ়ক: Skin care tips: এই ৪ বিধ ভিটামিনৰ অভাৱতেই হয় পিম্পল আৰু ব্ৰণৰ সমস্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.