ETV Bharat / sukhibhava

ভাৰতত তৈয়াৰী 4টা কফ চিৰাপৰ বিৰুদ্ধে WHO ৰ সতৰ্কবাণী

author img

By

Published : Oct 6, 2022, 3:30 PM IST

বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতীয় ফাৰ্মাচিউটিকেল কোম্পানীয়ে তৈয়াৰ কৰা ৪ টা কফ চিৰাপক লৈ জাৰি কৰিছে সতৰ্কবাণী । অধিক পঢ়ক...

WHO ISSUED AN ALERT OVER FOUR COUGH AND COLD SYRUPS MADE IN INDIA
ভাৰতত তৈয়াৰী 4টা কফ চিৰাপৰ বিৰুদ্ধে WHOৰ সতৰ্কবাণী

নেশ্যনেল ডেস্ক, 6 অক্টোবৰ: বিশ্ব স্বাস্থ্য সংস্থাই (World Health Organization)ভাৰতীয় ফাৰ্মাচিউটিকেল কোম্পানীয়ে প্ৰস্তুত কৰা ৪টা কফ চিৰাপক লৈ জাৰি কৰিছে সতৰ্কবাণী । তদুপৰি বিশ্ব স্বাস্থ্য সংস্থাই এই ঔষধসমূহৰ তদন্ত আৰম্ভ কৰিছে (WHO issues alert for 4 India-made cough syrup) । পশ্চিম আফ্ৰিকাৰ দেশ গাম্বিয়াত এতিয়া কিছুদিন ধৰি শিশুৰ মৃত্যুৰ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে । ভাৰতীয় কোম্পানী এটাই তৈয়াৰ কৰা কফ চিৰাপৰ বাবেই অভাৱনীয়ভাৱে এই মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।

এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাই টুইট কৰি কয় যে, "গাম্বিয়াত বৃক্কৰ সমস্যাৰ বাবে শিশুৰ মৃত্যু হৈছে । গাম্বিয়াত বৃক্কৰ সমস্যাৰ বাবে ৬৬ টা শিশুৰ মৃত্যু হৈছে । যিকোনো মিশ্ৰিত ভাৰসাম্যহীন ঔষধ সেৱন কৰাটোৱেই ইয়াৰ কাৰণ হ'ব পাৰে । এজন ভাৰতীয়ৰ দ্বাৰা তৈয়াৰ কৰা হৈছে এই চাৰিটা কফি চিৰাপ ।"

  • "WHO has today issued a medical product alert for four contaminated medicines identified in #Gambia that have been potentially linked with acute kidney injuries and 66 deaths among children. The loss of these young lives is beyond heartbreaking for their families"-@DrTedros

    — World Health Organization (WHO) (@WHO) October 5, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ফাৰ্মাচিউটিকেল কোম্পানীটোৰ বিভিন্ন স্তৰৰ ভাৰসাম্যহীনতা আছে । "বিশ্ব স্বাস্থ্য সংস্থাই ইয়াৰ বাবে তদন্ত আৰম্ভ কৰিছে ৷ জড়িত কোম্পানীসমূহ আৰু ভাৰতীয় নিয়ন্ত্ৰণ কৰ্তৃপক্ষই ইয়াৰ বাবে সহযোগিতা আগবঢ়াইছে ।"

৪ টা কফ চিৰাপৰ নমুনা লৈ প্ৰথমে পৰীক্ষাগাৰত পৰীক্ষা কৰা হৈছিল ইয়াৰ পিছত ইয়াত ডাইথাইলিন গ্লাইকল আৰু ইথিলিন গ্লাইকলৰ নমুনা পোৱা গৈছিল যি স্বাস্থ্যৰ বাবে একেবাৰেই উপকাৰী নহয় । পৰৱৰ্তী সময়ত বিশ্ব স্বাস্থ্য সংস্থাই সতৰ্কবাণী জাৰি কৰিছে । জানিব পৰা মতে গাম্বিয়াত সৰ্বাধিক পৰিমানে এই ঔষধ ব্যৱহাৰ কৰা হৈছিল যাৰ ফলত এই ৬৬ টা শিশু মৃত্যুৰ মুখত পৰিছিল । বিশ্ব স্বাস্থ্য সংস্থাই সন্দেহ প্ৰকাশ কৰা মতে বিদেশতো এই ঔষধ ডেলিভাৰী কৰিব পাৰে । সেয়ে এই সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে ৷

লগতে পঢ়ক: Cerebral Palsy হয়নো কি ? জানক ইয়াৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.