ETV Bharat / sukhibhava

ক’ভিড-১৯ ৰ প্ৰতিষেধক প্ৰদান অভিযানত কোন ৰাষ্ট্ৰ আছে আগুৱাই ? - ভাৰতবৰ্ষত ক’ভিড ১৯

ভাৰতবৰ্ষত ক’ভিড-১৯ ৰ বিৰুদ্ধে প্ৰতিষেধক প্ৰদানৰ অভিযান আৰম্ভ হয় ২০২১ চনৰ ১৬ জানুৱাৰীত ৷ প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত ভাইৰাছ বিধৰ সংস্পৰ্শলৈ অহাৰ অধিক সম্ভাৱনীয়তা থকা অগ্ৰণী স্বাস্থ্যকৰ্মী সকলক অগ্ৰাধিকাৰ দিয়া হৈছিল ৷ মাৰ্চ মাহৰ পৰা এতিয়ালৈকে একাধিক ৰোগত ভূগি থকা ৪৫ বছৰ আৰু ষাঠি বছৰৰ উৰ্দ্ধৰ ব্যক্তি সকলক প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী আৰম্ভ কৰি দিয়া হৈছে ৷

Which Country Is Ahead In The COVID-19 Vaccination Drive?
ক’ভিড-১৯ ৰ প্ৰতিষেধক প্ৰদান অভিযানত কোন ৰাষ্ট্ৰ আছে আগুৱাই ?
author img

By

Published : Mar 24, 2021, 7:30 AM IST

নিউজ ডেস্ক, 24 মাৰ্চ: সম্পূৰ্ণ এবছৰ জুৰি হতাশাগ্ৰস্থতা, দুঃশ্চিন্তা, অনিশ্চয়তাৰে তথা সন্ত্ৰস্ত হৈ কটোৱাৰ পাচত; অৱশেষত মাৰাত্মক মহামাৰী কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ সমগ্ৰ বিশ্বজুৰি টিকাকৰণ অভিযান পূৰ্ণগতিত আৰম্ভ হৈ গৈছে ৷

বিশ্বৰ বহু দেশে আটাইতকৈ উৎকৃষ্টতম প্ৰতিষেধকবিধ তৈয়াৰ কৰিবলৈ প্ৰচেষ্টা চলাই থকাৰ সময়তেই আমাৰ দেশ, যেনে ভাৰতবৰ্ষৰ দৰে ৰাষ্ট্ৰবোৰে ইতিমধ্যে অনুমোদন প্ৰাপ্ত প্ৰতিষেধক নিজৰ বাবে লগতে মহামাৰীবিধৰ প্ৰতিষেধকৰ অভাৱত ভূগি থকা ৰাষ্ট্ৰ সমূহলৈও এই প্ৰতিষেধক ৰপ্তানি কৰিবৰ বাবে ব্যাপক হাৰত উৎপাদন কৰাত লাগিছে ৷

যদিও প্ৰত্যেকখন ৰাষ্ট্ৰই দেশৰ সন্মুখত প্ৰতিজন নাগৰিকক প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য বান্ধি ৰাখিছে; তথাপি টিকাকৰণ সকলো দেশতে একে গতিৰে চলি থকা নাই ৷ এইখিনিতে উল্লেখ কৰা দৰকাৰ যে অধিক সংখ্যক অনুমোদিত প্ৰতিষেধকৰেই দুটাকৈ পালি প্ৰদান কৰা হ’ব ৷ অৰ্থাৎ প্ৰতিষেধকবোৰ সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’বলৈ হ’লে দুটা পালিকৈ প্ৰদান কৰাৰ প্ৰয়োজন ৷ ভাৰতবৰ্ষত সম্প্ৰতি দুবিধ প্ৰতিষেধকৰ ব্যৱহাৰ কৰি থকা হৈছে ৷ সেই দুবিধ হ’ল ক্ৰমে ক’ভেক্সিন (ভাৰত বায়’টেকে তৈয়াৰ কৰা) আৰু ক’ভিশ্বিলড্ (আস্ত্ৰাজেনিকাই তৈয়াৰ কৰা) ৷ দুয়োবিধৰেই দুটাকৈ পালি প্ৰয়োগ কৰা হয় আৰু প্ৰথমটো পালি লোৱাৰ পাচত দ্বিতীয়টো ২৮ দিনত পাচত প্ৰদান কৰা হয় ৷

ভাৰতবৰ্ষত ক’ভিড-১৯ ৰ বিৰুদ্ধে প্ৰতিষেধক প্ৰদানৰ অভিযান আৰম্ভ হয় ২০২১ চনৰ ১৬ জানুৱাৰীত ৷ প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত ভাইৰাছ বিধৰ সংস্পৰ্শলৈ অহাৰ অধিক সম্ভাৱনীয়তা থকা অগ্ৰণী স্বাস্থ্যকৰ্মী সকলক অগ্ৰাধিকাৰ দিয়া হৈছিল ৷ মাৰ্চ মাহৰ পৰা এতিয়ালৈকে একাধিক ৰোগত ভূগি থকা ৪৫ বছৰ আৰু ষাঠি বছৰৰ উৰ্দ্ধৰ ব্যক্তি সকলক প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী আৰম্ভ কৰি দিয়া হৈছে ৷ জন হপকিনছ বিশ্ববিদ্যালয়ৰ প্ৰতিবেদন অনুসৰি প্ৰায় ৬৯,১৩,৫৮৭ জন নাগৰিকক ২০২১ চনৰ ১৯ মাৰ্চৰ ভিতৰত সম্পূৰ্ণৰূপে প্ৰৰিষেধক প্ৰদান কৰা হৈছে ৷ এই সংখ্যা হৈছে ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ ০.৫১ শতাংশ ৷ ইয়াৰ পাচতো ভাৰতবৰ্ষ সম্পূৰ্ণৰূপে প্ৰতিষেধক প্ৰদান কৰা ২০ খন ৰাষ্ট্ৰৰ ভিতৰত ২ য় স্থানতহে আছে ৷ তালিকাখনৰ প্ৰথম স্থানত আছে মাৰ্কিন যুক্তৰাষ্ট্ৰ ৷ যুক্তৰাষ্ট্ৰত মুঠ ৩.৯০ (৩,৯০,৮১,৩৩০ জন) কোটি নাগৰিকক সম্পূৰ্ণৰূপে প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ এই সংখ্যা যুক্তৰাষ্ট্ৰৰ মুঠ জনসংখ্যাৰ ১১.৯৪ শতাংশ ৷

মাৰ্কিন যুক্তৰাষ্ট্ৰত ব্যৱহৃত হৈ থকা প্ৰতিষেধকৰ ভিতৰত হ’ল ফাইজাৰ-বায়’নটেক, মডেৰ্ণা আৰু জনছন এণ্ড জনছন/জাছেন আৰু আন দুবিধ প্ৰতিষেধকে এতিয়াও সেউজ সংকেত পাবলৈ বাকী আছে ৷

ভাৰতৰ পাচতে থকা দেশখন হ’ল ইজৰাইল ৷ ইজৰাইলত এতিয়ালৈকে ৪৪,৮০,৮১০ জন নাগৰিকক প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ এই সংখ্যা প্ৰকৃততে দেশখনৰ মুঠ জনসংখ্যাৰ অৰ্ধেক সংখ্যক ৷ দেশখনত সৰ্বাধিক ব্যৱহৃত হোৱা প্ৰতিষেধক বিধ হ’ল ফাইজাৰ-বায়’নেট ৷ ওপৰত উল্লেখ কৰা দেশকেইখনকে ধৰি সম্পূৰ্ণৰূপে প্ৰতিষেধক প্ৰদান কৰা দেশমূহৰ তালিকা তলত একাদিক্ৰমে দিয়া হ’লঃ

১/ মাৰ্কিন যুক্তৰাষ্ট্ৰঃ ৩,৯০,৮১,৩৩০

২/ ভাৰতঃ ৬৯,১৩,৫৮৭

৩/ ইজৰাইলঃ ৪৪,৮০,৮১০

৪/ তুৰ্কীঃ ৪৪,৩৯,৯৭২

৫/ ব্ৰাজিলঃ ৩৩,০৩,০৯৪

৬/জাৰ্মানিঃ ৩০,৯৭,০৯৪

৭/ চিলিঃ ২৬,৯২,৯২৩

৮/ ৰাছিয়াঃ ২৪,৭৮,৩৯০

৯/ ইটালিঃ ২৩,০৩,০০২

১০/ ফ্ৰাঞ্চঃ ২২,৯৭,১০০

১১/ ইউ এ ইঃ ২১,৮৭,৮৪৯

১২/ মৰ’ক্কোঃ ২১,১৬,০৮১

১৩/ ইণ্ডোনেছিয়াঃ ১৯,৪৮,৫৩১

১৪/ স্পেইনঃ ১৮,৮৬,৮১৩

১৫/ যুক্তৰাজ্যঃ ১৮,৭৯,০৫৪

১৬/ প’লেণ্ডঃ ১৬,৬৪,৫২৪

১৭/ ছাৰ্বিয়াঃ ৮,২৬,৯৫১

১৮/ ৰ’মানিয়াঃ ৭,৫২,৯৩৯

১৯/ মেক্সিকোঃ ৬,৪৬,৮০২

২০/ কানাডাঃ ৬,১৫,৬৮১

যি নহওক, আমি যদি সম্পূৰ্ণৰূপে প্ৰতিষেধক প্ৰদান কৰা জনসংখ্যাৰ হাৰলৈ লক্ষ্য কৰোঁ তেনেহ’লে এই ক্ষেত্ৰত ৫১ শতাংশ টিকাকৰণেৰে ইজৰাইল সকলোতকৈ আগবাঢ়ি থাকিব ৷ ইজৰাইলৰ পাচত একাদিক্ৰমে, ২৯ শতাংশৰে ছিছিলি, ১৯ শতাংশৰে ম’নাকো আৰু ১৫ শতাংশৰে বাহৰেইণে স্থান পাব ৷ ১৩ শতাংশৰে মাৰ্কিন যুক্তৰাষ্ট্ৰ থাকিব পঞ্চম স্থানত ৷

অক্সফৰ্ড-আস্ত্ৰাজেনিকা প্ৰতিষেধক লোৱা ব্যক্তিৰ শৰীৰত তেজ গোট মৰাৰ খবৰ প্ৰকাশ পোৱাৰ পাচত ইউৰোপৰ কেইখনমান ৰাষ্ট্ৰই এই প্ৰতিষেধক বিধৰ ব্যৱহাৰ সদ্যহতে স্থগিত ৰাখিছে ৷ এই ৰাষ্ট্ৰ সমূহৰ ভিতৰত আছিল জাৰ্মানি, ইটালি, ফ্ৰাঞ্চ, ছুইডেন আৰু লাটৱিয়া ৷ এনে ঘটনাৰ পাচতো বিশ্ব স্বাস্থ্য সংন্থাই (হু) এই দাবী প্ৰত্যাখান কৰিছে আৰু প্ৰতিষেধকবিধ ব্যৱহাৰৰ বাবে সম্পূৰ্ণ সুৰক্ষিত বুলি ঘোষণা কৰিছে ৷

সেইকাৰণেই বহু ৰাষ্ট্ৰত প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হৈ গৈছে যদিও এই সম্পৰ্কত গৱেষণা এতিয়াও চলিয়ে আছে ৷ বহুকেইখন দেশে আন প্ৰতিষেধক তৈয়াৰ কাৰৰ বাবেও গৱেষণা অব্যাহত ৰাখিছে ৷ উদাহৰণস্বৰূপে ভাৰতবৰ্ষত নসিকাত প্ৰদান কৰিব পৰা প্ৰতিষেধকৰ ওপৰত চলি থকা গৱেষণাৰ কথা উল্লেখ কৰিব পাৰি ৷ তথাপি ই টিভি ভাৰত সুখীভৱই আপোনালোকক সোঁৱৰাই দি থাকিব যে ন’ৱেল কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ এতিয়াও শেষ হোৱা নাই ৷ সুৰক্ষিত আৰু সুস্বাস্থ্য বৰ্তাই ৰাখিবলৈ হ’লে এই মহামাৰী প্ৰতিৰোধৰ সকলো উপায়েই আমি অৱলম্বন কৰাব লাগিব ৷

লগতে পঢ়ক-কংগ্ৰেছৰ 5 টা গেৰাণ্টিৰ বিপৰীতে বিজেপিৰ 10 টা সংকল্প

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.