ETV Bharat / sukhibhava

Benefits of Yoga: সূৰ্য নমস্কাৰ কি ? ইয়াৰ লাভালাভ সমূহৰ বিষয়ে অধিক জানো আহক

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 5:36 PM IST

সূৰ্য নমস্কাৰ আসন কি ? এই আসন কৰিলে শৰীৰৰ কি কি লাভালাভ হয় ৷ সূৰ্য নমস্কাৰ আসনত কিমানটা ভঙ্গী থাকে এই সম্পৰ্কে ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এনেদৰে জনালে যোগ প্ৰশিক্ষক বিপ্লৱ ভট্টাচাৰ্যই ৷

Benefits of Yoga
সূৰ্য নমস্কাৰ
যোগ প্ৰশিক্ষক বিপ্লৱ ভট্টাচাৰ্য

গুৱাহাটী, 31 অক্টোবৰ: বৰ্তমান সময়ত প্ৰতিজন লোকে নিজকে সুস্থ আৰু সৱল কৰি ৰাখিবলৈ জিম, যোগ, প্ৰাণায়ম আদি কৰা দেখা যায় ৷ কিন্তু বহুলোকে এইক্ষেত্ৰত এলাহ কৰাও পৰিলক্ষিত হয় ৷ যি সকল লোকে অন্য আসন সমূহ কৰিবলৈ এলাহ কৰে তেওঁলোকে সূৰ্য নমস্কাৰ আসনটো কৰিব পাৰে ৷

সূৰ্য নমস্কাৰ হৈছে শৰীৰৰ সকলো বিলাক অঙ্গৰ সঞ্চালন কৰি আৰু মনক সজাগ কৰি ৰাখি শৰীৰ আৰু মনৰ সমানে বিকাশ সাধন কৰিবৰ বাবে কৰা শৰীৰ-সঞ্চালন প্রক্রিয়া ৷ সূৰ্য নমস্কাৰৰ ফলত শৰীৰত ৰক্ত সঞ্চালন ভাল হয় ৷ এই আসন প্ৰক্ৰিয়াত শৰীৰৰ মেৰুদণ্ডডাল ক্রম অনুযায়ী এবাৰ পিচফাললৈ আৰু এবাৰ আগফাললৈ ধেনুভিৰীয়া কৰি সাধ্যানুসৰি ভাঁজ দিয়া হয় ৷ এনেদৰে মেৰুদণ্ডডাল আগলৈ-পিচলৈ ভাঁজ দিওঁতে পিঠিফালৰ আৰু বুকু আৰু পেটৰ মাংসপেশী, সিৰ, স্নায়ু আদি সম্প্ৰসাৰণ-সংকোচন হয় ৷ ফলত সেই ঠাইসমূহলৈ ৰক্ত চলাচল বৃদ্ধি পায় ৷

Benefits of Yoga
সূৰ্য নমস্কাৰৰ আসন

মুঠ বাৰটা ভঙ্গীত সূৰ্য নমস্কাৰ কৰা হয় ৷ এই ভঙ্গীসমূহ হৈছে-

(১) প্ৰণাম ভঙ্গী

(২) হস্ত- উত্তান-ভঙ্গী

(৩) পদ-হস্তাসন ভঙ্গী

(৪) অশ্ব-সঞ্চালন ভঙ্গী

(৫) পর্বত ভঙ্গী

(৬) সাষ্টাঙ্গ প্ৰণাম ভঙ্গী

(৭) ভুজঙ্গাসন ভঙ্গী

তাৰে প্ৰথম পাঁচটা ভঙ্গী সপ্তম ভঙ্গীৰ পাচত ওলোটা ক্ৰম

(৮) পর্বত ভঙ্গী

(৯) অশ্ব-সঞ্চালন ভঙ্গী

(১০) পদহস্তাসন ভঙ্গী

(১১) হস্ত-উত্তান ভঙ্গী আৰু

(১২) প্ৰণাম ভঙ্গী দোহৰা হয়

সূৰ্য নমস্কাৰৰ ফলত কি কি লাভালাভ হয় ?

১) সূৰ্য নমস্কাৰৰ ফলত শৰীৰত ৰক্ত সঞ্চালন ভাল হয় ৷ শৰীৰত ৰক্ত সঞ্চালন ভাল হোৱাৰ ফলৰ ছাল উজ্জ্বল হয় ৷

২) শৰীৰৰ চৰ্বি বা চৰ্বী কমোৱাৰ ক্ষেত্ৰতো সূৰ্য নমস্কাৰ আসনে সহায় কৰে ৷

৩) ওজন হ্রাস কৰাৰ ক্ষেত্ৰতো সহায় কৰে ৷

৪) সূৰ্য নমস্কাৰৰ শৰীৰৰ এনাৰ্জী বাঢ়ে, ভাগৰ লগা ভাৱ নোহোৱা হয় ৷

৫) মনৰ একাগ্ৰতা, বিশ্লেষণাত্মক শক্তি, স্মৃতিশক্তি বৃদ্ধি হয় ৷

৭) খাদ্য সহজে হজম হয় ,বদ হজমী ৰোগ আৰোগ্য হয় ৷

লগতে পঢ়ক: Bhagyashree Diet: নিজকে সুস্থ ৰাখিবলৈ এই আহাৰ গ্ৰহণ কৰে মেইনে প্যাৰ কিয়াৰ অভিনেত্ৰী ভাগ্যশ্ৰীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.