ETV Bharat / sukhibhava

কেৱল মধুৰিআমেই নহয় ইয়াৰ পাতৰো আছে অনন্য উপকাৰিতা

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 11:03 AM IST

Updated : Dec 20, 2023, 11:45 AM IST

Benefits of Guava Leaves: কেৱল মধুৰিআমেই নহয়, ইয়াৰ পাতেও স্বাস্থ্যৰ যথেষ্ট উপকাৰিতা সাধন কৰে । ইয়াৰ পাতত ভিটামিন চি, এন্টি-অক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে । এই ফলৰ পাতৰ পৰা শৰীৰে কি কি উপকাৰিতা লাভ কৰে জানো আহক-

What is the health benefits of guava leaves?
কেৱল মধুৰিআমেই নহয় ইয়াৰ পাতৰো আছে অনন্য উপকাৰিতা

শীতকালত মধুৰিআম, কমলাৰ দৰে ফলবোৰ খোৱাৰ এক সুকীয়া আনন্দ থাকে৷ মধুৰিআম এনেকুৱা এবিধ ফল য’ত কেলৰি কম আৰু আঁহ বেছি থাকে, সেয়েহে সকলো বয়সৰ লোকে ইয়াক খোৱাটো উচিত ৷ মিঠা মধুৰিআম আৰু ক’লা নিমখৰ সংমিশ্ৰণত বহুতে পচন্দ কৰে ৷ আপুনি জানেনে যে কেৱল মধুৰিআমেই নহয়, ইয়াৰ পাতো আমাৰ স্বাস্থ্যৰ বাবে আশীৰ্বাদস্বৰূপ ৷ বেছিভাগ মানুহেই এই ফলৰ পাত পেলাই দিয়ে, কিন্তু আমি আপোনালোকক জনাই দিও যে ইয়াৰ পাতে স্বাস্থ্যৰ দুগুণ উপকাৰিতা সাধন কৰিব পাৰে ৷

সেউজীয়া মধুৰিআমৰ পাত চোবাই খালে কেনেধৰণৰ স্বাস্থ্য উপকাৰিতা পাব পাৰি লগতে জানি লওক যে কেনেকৈ ইয়াক আপোনাৰ দৈনন্দিৰ খাদ্যৰ অংশ হিচাপে গঢ়ি তুলিব পাৰি ৷

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰি

মধুৰিআমৰ দৰে ইয়াৰ সেউজীয়া পাততো প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে ৷ এই ফলৰ পাত দৈনিক সঠিক পৰিমাণত চোবাই খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব পাৰে ৷ ইয়াৰ উপৰিও ইয়াৰ পাতত এন্টিঅক্সিডেন্ট থাকে যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে ৷ সেয়েহে প্ৰতিদিনে পুৱা খালী পেটত মধুৰিআমৰ পাত চোবাই খাব লাগে ৷

চৰ্দি আৰু ফ্লুৰ লক্ষণ

মধুৰিআম পাতৰ প্ৰদাহ নিবাৰণকাৰী গুণ থাকে যিয়ে আমাক চৰ্দি বা ফ্লুৰ পৰা ৰক্ষা কৰে ৷ এই গুণৰ বাবে এই পাতবোৰে শৰীৰৰ ফুলা কমোৱাৰ কাম কৰে ৷ যদি চৰ্দি বা কাহ হয় বা সঘনাই ৰোগত আক্ৰান্ত হয়, তেন্তে মধুৰিআম পাতৰ পানী খাবলৈ আৰম্ভ কৰক ৷

হজম শক্তি উন্নত কৰা

যদি আপুনি পেট ফুলা, বদহজম বা কোষ্ঠকাঠিন্যৰ দৰে পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে, তেন্তে মধুৰিআম পাত খাব লাগে ৷ ইয়াৰ এন্টি-ইনফ্লেমেটৰী আৰু এন্টিবেক্টেৰিয়েল গুণৰ বাবে ই আমাক পাচনতন্ত্ৰৰ সমস্যাৰ পৰা ৰক্ষা কৰে ৷

ওজন হ্ৰাস কৰাত সহায় কৰে

মধুৰিআম আৰু ইয়াৰ পাত দুয়োবিধতে প্ৰচুৰ পৰিমাণে আঁহ থাকে ৷ আঁহে শৰীৰত জটিল ষ্টাৰচক চেনিলৈ ৰূপান্তৰিত নকৰে ৷ ইয়াৰ উপৰিও এই ফলৰ পাত খালে বিপাকীয় ক্ৰিয়াও বৃদ্ধি পায় ৷ যদি আপুনি ওজন কমাবলৈ লৈছে তেন্তে মধুৰিআম পাতক আপোনাৰ ৰুটিনৰ অংশ হিচাপে লওক ৷

ডায়েবেটিছ নিয়ন্ত্ৰণ

মধুৰিআমৰ পাতত এনে যৌগ থাকে যিয়ে ৰক্ত শৰ্কৰা হ্ৰাস কৰাত ফলপ্ৰসূ ৷ এই কাৰণে ইয়াক ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী বুলি গণ্য কৰা হয় ৷ ৰক্ত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখিবলৈ মধুৰিআমৰ পাতৰ পৰা তৈয়াৰী চাহ খাব পাৰে ৷ খালী পেটত এই চাহ খালে একেলগে বহুতো স্বাস্থ্য উপকাৰিতা পোৱা যায় ৷

লগতে পঢ়ক: গুড়ৰ এই ৫টা আচৰিত উপকাৰিতা জানি লওক

Last Updated : Dec 20, 2023, 11:45 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.