ETV Bharat / sukhibhava

Benefits of Donating Blood: এজন ব্যক্তিৰ ৰক্তদানে ৰক্ষা কৰিব পাৰে অন্য এজনৰ জীৱন

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 8:08 PM IST

ৰক্তদান মহৎ দান ৷ আপোনাৰ ৰক্তদানে বচাব পাৰে অন্য এজনৰ জীৱন ৷ ৰক্তদান আমি কিয় কৰিব লাগে ? ৰক্তদান কৰিলে আমাৰ কি কি উপকাৰিতা সাধন হয় ? এই সম্পৰ্কে জনালে চিকিৎসক মনোজ দেউৰীয়ে ৷

benefits of donating blood
এজন ব্যক্তিৰ ৰক্তদানে ৰক্ষা কৰিব পাৰে অন্য এজনৰ জীৱন
চিকিৎসক মনোজ দেউৰী

ৰক্তদান আমি কিয় কৰিব লাগে ?

দৈনিক প্ৰতি দুই ছেকেণ্ডৰ মূৰে মূৰে কোনো নহয় কোনো এজন ৰোগীক তেজৰ প্ৰয়োজন হয় ৷ ৰোগীক যদি প্ৰয়োজন হোৱা তেজ, তেজেৰেই পূৰাব লাগিব ৷ তাৰ বাহিৰে অন্যকোনো বিকল্প নাই ৷ ৰক্তদান কৰি এজন ব্যক্তিৰ প্ৰান ৰক্ষা কৰিব পাৰি ৷ সেয়ে যদি আমি সুহৃদয়ে আগবাঢ়ি আহি আর্তজনক ৰক্ত দি যদি সহায় কৰো, তেন্তে বিভিন্ন সময়ত সেই ৰোগীজনক বিভিন্নৰোগৰ পৰা বচোৱাৰ উপৰিও মৃত্যু পৰা বচাব পাৰি ৷

ৰক্তদান কৰিলে আমাৰ কি কি উপকাৰ হয় ?

ৰক্তদান কৰিলে অকল ৰোগীজনৰে লাভ নহয় ৷ পৰোক্ষ ভাৱে ৰক্তদান কৰা লোকজনৰো লাভ হয় ৷ ৰক্তদান কৰাৰ ফলত ব্যক্তিজনৰ শৰীৰৰ ৰক্তসঞ্চালনৰ ক্ষেত্ৰৰ লগতেই শৰীৰৰ ম্যাদবহুলতা কমাত বহু সহায় কৰে ৷ ইয়াৰোপৰি ৰক্তদান কৰিলে কৰ্কটৰোগৰ পৰা আৰম্ভ কৰি হাৰ্টএটেক, ষ্ট্ৰক আদিৰো শংকা কমি যায় ৷ লগতেই শাৰীৰত ৰক্ত প্ৰবাহৰ ভাল হয় ৷

কোন কোন লোকে ৰক্তদান কৰিব পাৰে ?

ৰক্তদান কৰিবলৈ কেতিয়াও ভয় কৰিব নালাগে ৷ এজন সুস্থ সৱল লোকে ১৮ বছৰ বয়সৰ পৰা ৬৫ বছৰ বয়সলৈকে ৰক্ত দান কৰিব পাৰে ৷ ৰক্তচাপ স্বাভাৱিক থাকিলে ৰক্তদান কৰিব পাৰে ৷ লগতেই যদি হিম'গ্লোবিন যদি ১২.৫ কৈ বেছি থাকে, এবছৰৰ ভিতৰ যদি কোনো ডাঙৰ অপাৰেচন নহয় তেন্তে সেই ব্যক্তি গৰকীয়ে ৰক্তদান কৰিব পাৰে ৷ মহিলাৰ ক্ষেত্ৰত একেই খিনি নিয়ম পালন কৰা হয় ৷ ৰক্তদান কৰা ব্যক্তিজনৰ ওজন ৪৫ কেজিত কৈ ওপৰত হ'ব লাগে ৷

উল্লেখ্য যে ৰক্তদান কৰাৰ ৩ ঘণ্টা পিছত এজন লোকে যি স্বাভাৱিক কাম কাজ সেই সমূহ কৰিব পাৰে ৷ কেৱল কিছু সাৱধানতা অৱলম্বন কৰাটো ব্যক্তি গৰাকীৰ বাবে ভাল ৷ ৰক্তদানৰ পিছত কোনো ৰোগৰ সংক্ৰমণৰ শংকা নাথাকে ৷

লগতে পঢ়ক: Blood Donate: ৰক্তদানে হ্ৰাস কৰে কৰ্কট ৰোগৰ আশংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.