ETV Bharat / sukhibhava

আপুনি কেতিয়াবা নাৰিকলৰ ভিনেগাৰ খোৱাৰ উপকাৰিতা জানেনে ? - নাৰিকলৰ ভিনেগাৰ

Coconut Vinegar Benefits: আপুনি হয়তো নাৰিকল তেল, ইয়াৰ পানী বা গাখীৰ বহুবাৰ খাইছে, কিন্তু আপুনি কেতিয়াবা নাৰিকল ভিনেগাৰৰ কথা শুনিছেনে ? যি আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ।

What are the benefits of coconut vinegar?
আপুনি কেতিয়াবা নাৰিকলৰ ভিনেগাৰ খোৱাৰ উপকাৰিতা জানেনে ?
author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 4:59 PM IST

নাৰিকল হৈছে এক ছুপাৰফুড যি স্বাস্থ্য উপকাৰিতাৰ ভঁৰাল হিচাপে জনাজাত ৷ নাৰিকল তেল, নাৰিকলৰ গাখীৰ, কেঁচা নাৰিকলৰ দৰে বস্তুৰ চাহিদা অব্যাহত আছে, আৰু বহু ৰেচিপিত ইয়াক যথেষ্ট ব্যৱহাৰ কৰা হয় ৷ অৱশ্যে নাৰিকলৰ পৰা তৈয়াৰী আন এক সামগ্ৰী আছে যি আমাৰ স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী আৰু সেয়া হ’ল নাৰিকলৰ ভিনেগাৰ ৷

দক্ষিণ-পূব এছিয়াত সাধাৰণতে ব্যৱহাৰ কৰা এইবিধ ভিনেগাৰ ব্যৱহৃত হয়৷ ইয়াক নাৰিকল ফুলৰ পৰা তৈয়াৰ কৰা হয় ৷ এটি কিম্বন কৰা সামগ্ৰী হোৱাৰ বাবে ইয়াক প্ৰাকৃতিক ছুপাৰফুড আৰু প্ৰ’বায়’টিকৰ উত্তম উৎস বুলি গণ্য কৰা হয়, যিয়ে আমাৰ আন্ত্ৰিক বেক্টেৰিয়াক সুস্থ কৰি ৰাখে ৷

ইয়াৰ উপৰিও ইয়াত বি-কম্প্লেক্স ভিটামিন আৰু এমিনো এচিডো ইয়াত প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷ ই কাৰ্বমুক্ত আৰু ইয়াত কেলৰিৰ পৰিমাণ খুবেই কম ৷ আপুনি ইয়াক সহজেই চচ, চূপ, চালাড ড্ৰেছিং আৰু ডিপৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰে ৷

নাৰিকলৰ ভিনেগাৰৰ আচৰিত উপকাৰিতা

১/ ওজন হ্ৰাস কৰাত ফলপ্ৰসূ

নাৰিকলৰ ভিনেগাৰক ওজন কমাব পৰা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয় কাৰণ ই ওজন বৃদ্ধিৰ কাৰণ হোৱা প্ৰদাহ কমায় ৷ এচিটিক এচিড সমৃদ্ধ এই বস্তুটোৱে ভোক নিয়ন্ত্ৰণত সহায় কৰে ৷ ই ভোকৰ ইচ্ছা কমাই দিয়ে যাৰ বাবে ওজন ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰে ৷

২/ হজম শক্তি উন্নত হ’ব

নাৰিকলৰ ভিনেগাৰে পাচনতন্ত্ৰত সুস্থ কৰি ৰখাত অৰিহণা যোগায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে ৷ ই স্বাভাৱিকতে যি কিম্বন প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হয়, তাৰ ফলত প্ৰ’বায়টিকৰ জন্ম হয়, যিবোৰ আপোনাৰ আন্ত্ৰিক স্বাস্থ্যৰ বাবে উপকাৰী বেক্টেৰিয়া ৷ ইয়াৰ উপৰিও ইয়াত এচিটিক এচিডৰ উপস্থিতিয়ে বহুতো ভাইৰাছ আৰু বেক্টেৰিয়া আঁতৰোৱাত সহায় কৰে ৷ আপুনি ইয়াক আপোনাৰ সতেজ ফল-মূলৰ লগত ব্যৱহাৰ কৰিব পাৰে ৷

৩/ ব্লাড চুগাৰ নিয়ন্ত্ৰিত হ’ব

নাৰিকলৰ ভিনেগাৰত এচিটিক এচিড থাকে, যিয়ে ৰক্তশৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰিব পাৰে আৰু টাইপ ২ ডায়েবেটিছ থকা ৰোগীক কিছু সকাহ প্ৰদান কৰিব পাৰে ৷ গতিকে ডায়েবেটিছ ৰোগীৰ বাবে ই এক আশীৰ্বাদতকৈ কম নহয় ৷

লগতে পঢ়ক: শীতকালত চৰ্দি-কাহৰ পৰা পৰিত্ৰাণ পাবলৈ গ্ৰহণ কৰক ডালচেনি দিয়া চাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.