ETV Bharat / sukhibhava

Early Aging: মিঠা আলুত থকা বিটা কেৰটিনে দূৰ কৰিব মুখমণ্ডলৰ বাৰ্ধক্যতা

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 12:27 PM IST

যদি বাৰ্ধক্যৰ প্ৰভাৱ কম বয়সতে মুখত দেখা দিবলৈ আৰম্ভ কৰে, তেন্তে ব্যক্তিয়ে নিজৰ আত্মবিশ্বাস হেৰুৱাবলগীয়া হয়, এনে পৰিস্থিতিত মুখৰ সৌন্দৰ্যতাৰ বাবে কিছুমান বিশেষ খাদ্য খোৱাৰ পৰামৰ্শ তলত দিয়া হ’ল ।

What are the anti aging benefits of sweet potato?
মিঠা আলুত থকা বিটা কেৰটিনে দূৰ কৰিব মুখমণ্ডলৰ বাৰ্ধক্যতা

প্ৰতিজন ব্যক্তিয়ে সদায় নিজকে কম বয়সীয়া আৰু ধুনীয়া দেখাব বিচাৰে ৷ বিশেষকৈ এই হেঁপাহ নাৰীৰ মাজত বেছিকৈ দেখা যায় ৷ ইয়াৰ বাবে বহুলোকে বিভিন্ন দামী সামগ্ৰীও ব্যৱহাৰ কৰে যদিও সৌন্দৰ্য ভিতৰৰ পৰাই আহে বুলি কোৱা হয় ৷ অৰ্থাৎ পোনপটীয়াকৈ কোৱা হয় যদি আপোনাৰ খাদ্যৰ পৰা অৰ্থাৎ ডায়েটৰ পৰা ৷ স্বাস্থ্য বিশেষজ্ঞসকলে প্ৰায়ে কয় যে যি ধৰণৰ খাদ্য, একে প্ৰভাৱ আপোনাৰ মুখত দেখা যাব ৷ আহকচোন সেই খাদ্যবোৰ চাওঁ যিবোৰে আমাক ছালখনক ডেকা আৰু গ্লোয়িং কৰি ৰখাত সহায় কৰিব পাৰে ৷

মুখত বয়স বৃদ্ধিৰ প্ৰভাৱ ৰোধ কৰিবলৈ ৩ বিধ খাদ্য

বৃদ্ধাৱস্থাতো কম বয়সীয়া দেখাবলৈ হ’লে খাদ্য তালিকাত পুষ্টিকৰ উপাদান অন্তৰ্ভুক্ত কৰাটো খুবেই প্ৰয়োজনীয় ৷ সেয়ে তলত উল্লেখ কৰা এই ৩বিধ খাদ্য আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব ৷ এইসমূহে কেৱল আমাৰ ছালৰ বাবেই উপকাৰী হোৱাই নহয়, চুলি আৰু স্বাস্থ্যৰ বাবেও অতি উপকাৰী ৷

১/ নেমু

আধা নেমুৰ ৰস পানীত বা অংকুৰিত ৰাতিপুৱাই খাব পাৰে ৷ ইচ্ছা কৰিলে দিনটোৰ ভিতৰত লোৱা চালাডত খাব পাৰে ৷ নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়, যিটো ছালৰ বাবে অতি উত্তম বুলি বিবেচিত হয় ৷ ইয়াৰ ব্যৱহাৰৰ দ্বাৰা মুখৰ দাগবোৰো ভাল হয় ৷

২/ আখৰোট

আখৰোটতো বহুতো পুষ্টিকৰ উপাদান থাকে, যাৰ বাবে ইয়াক ছালৰ ছুপাৰফুড বুলি কোৱা হয় ৷ আখৰোটে আপোনাৰ শৰীৰৰ বাবে আটাইতকৈ প্ৰয়োজনীয় ওমেগা-৩ চৰ্বি যোগান ধৰে ৷ এই চৰ্বিয়ে ছালৰ কোষৰ আৱৰণ শক্তিশালী কৰে আৰু বিষাক্ত পদাৰ্থবোৰ বাহিৰ কৰি দিয়াৰ লগতে ছালত আৰ্দ্ৰতা আৰু পুষ্টিকৰ উপাদানৰ যোগান ধৰে, যিয়ে আপোনাৰ ছালখনক উজ্জ্বল কৰি ৰাখে ৷

৩/ মিঠা আলু

আখৰোটৰ বাহিৰেও মিঠা আলু খাব পাৰে ৷ এই ছুপাৰফুডত বিটা-কেৰটিন পোৱা যায়, যিয়ে আমাৰ চুলি, ছাল আৰু নখক পুষ্টিৰ কাম কৰে ৷ ইয়াৰ লগতে ইয়াত ওমেগা-৩ ফেটি এচিড, ভিটামিন এ, বি, চি, ডি, ই আৰু কে পোৱা যায়, যিটো আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী ৷ আমাৰ শৰীৰত থকা ফ্ৰী ৰেডিকেলবোৰে আমাক বৃদ্ধাৱস্থাৰ দিশে লৈ যায়, কিন্তু যদি আপুনি মিঠা আলু সেৱন কৰে তেন্তে ইয়াত থকা এন্টিঅক্সিডেন্টে ইয়াক প্ৰতিৰোধ কৰে ৷

লগতে পঢ়ক: Quit Salt: যদি আপুনি এমাহৰ বাবে নিমখ ত্যাগ কৰে তেন্তে কি হ’ব ? জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.